যোৰাবাট, ২৫ জুনঃ পৃথক গোৰ্খালেণ্ড গঠনৰ দাবীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই মহানগৰীত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰায় পাঁচ শতাধিক গোৰ্খা লোকে মহানগৰীৰ আঠ মাইলৰ পৰা যোৰাবাটলৈ বিশাল প্ৰতিবাদী সমদল উলিয়াই৷ প্ৰতিবাদকাৰীসকলে মমতা বেনাৰ্জী মুদাৰ্বাদ, বংগ পুলিচ হায় হায়, পৃথক গোৰ্খালেণ্ড গঠন কৰক শ্ল’গানেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে৷ উল্লেখ্য যে, পশ্চিমবঙ্গত দাজিলিংত পৃথক গোৰ্খালেণ্ড গঠনৰ দাবীত বিগত কিছুদিন ধৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কিন্তু পশ্চিমবঙ্গৰ ৰাজনৈতিক দল তৃণমূল কংগ্ৰেছ আৰু চিপিএমে পৃথক গোৰ্খালেণ্ড গঠনৰ বিৰোধীতা কৰে৷ পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দাজিলিংক ৰাজ্যখনৰ হৃদয় আখ্যা দি দাজিলিংক কেতিয়াও পশ্চিমবঙ্গৰ পৰা পৃথক কৰাৰ কথা ভবা সম্ভৱ নহয় বুলি পৃথক গোৰ্খালেণ্ড গঠনৰ বিৰোধীতা কৰে৷ কিন্তু দাজিলিংত পৃথক গোৰ্খালেণ্ডৰ গঠনৰ দাবী গোৰ্খাসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ ইয়াৰ ফলতেই পৃথক গোৰখালেণ্ড গঠনৰ দাবীত মহানগৰীতো সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷