তেজপুৰ, সংবাদ ৩৬৫, ২৯ আগষ্ট: ৰাজ্যত চিণ্ডিকেটৰাজ বৃদ্ধি পাবলৈ ধৰিছে। অসম পে’ট্ৰলিয়াম মজদুৰ ইউনিয়নে চিণ্ডিকেটৰাজ বন্ধ কৰাৰ প্ৰতিবাদত মঙলবাৰৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট ৰূপায়ন কৰে। মজদুৰ ইউনিয়নৰ প্ৰতিবাদৰ ফলত বন্ধ হৈ পৰে ভাৰতীয় তেল নিগমৰ ডিগবৈ টাৰ্মিনেল। যাৰ কাৰণে খালী হৈ পৰিছে তেল ডিপোসমূহ। পে’ট্ৰল ডিজেল বিচাৰি তেল ডিপোসমূহত চালকসকলে ভিৰ কৰা পৰিলক্ষিত হয়। গাড়ীৰ অপেক্ষাত জীয়াতু ভূগিবলগীয়া হৈছে দুৰ দূৰণিৰ যাত্ৰীসকলো।