লক্ষীমপুৰ, সংবাদ ৩৬৫, ২৯ আগষ্ট: গছ থাকিলেহে মানুহ থাকিব। সেউজীয়া প্ৰকৃতি জীয়াই ৰখা আমাৰ কৰ্তব্য। তাৰ উদ্দেশ্যেৰে “সেউজীয়া লক্ষিমপুৰ আমাৰ সপোন ” নামৰ এটা প্ৰকৃতিপ্ৰেমী হোৱাটচএপ গ্ৰুপে যোৱা ২৮ আগষ্টত লখিমপুৰ কেন্দ্ৰীয় কলেজৰ পৰা চৰাইমৰীয়ালৈ ১৫ নং ৰাষ্ট্ৰীয় পথৰ কাষত ১০০ টা বিভিন্ন মূল্যবান গছপুলি ৰোপন কৰে ৷ হোৱাটচএপ গ্ৰুপটোৰ নেতৃতত বহন কৰা বি কে দাসৰ নেতৃত্বত ২৫০ জন সদস্যই এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহন কৰে ৷ প্ৰতিজোপা গছপুলি ৰোপন কৰি দায়িত্ব নাসামৰি প্ৰতিপালন কৰাৰোঁ দায়িত্ব লৈছে সদস্য সকলে ৷ ১০০ জোপা গছপুলি চোৱাচিতা কৰি প্ৰতিপালন কৰিবলৈ ১০০ জন গ্ৰুপটোৰ সদস্যক দায়িত্ব দিয়া হৈছে ৷ উল্লেখযোগ্য যে লক্ষিমপুৰ জিলাত ক্ৰমান্বয়ে অৰণ্য ধ্বংস হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনক সেউজীয়া কৰি ৰখাৰ যত্নেৰে প্ৰায় ২৫০ জন সদস্য থকা এই হোৱাটছএপ গ্ৰুপটোৱে পূৰ্বে লক্ষিমপুৰ জিলাৰ বিভিন্ন স্থানত ১০ বাৰকৈ গছপুলি ৰোপন কৰাৰ লগতে বিভিন্ন সময়ত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আহিছে ৷ সেউজীয়া লক্ষিমপুৰ আমাৰ লক্ষ্য ” হোৱাটচএপ গ্ৰুপটোৰ এই কাৰ্যক সকলোৱে একেমুখে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে ৷