গুৱাহাটী, সংবাদ ৩৬৫, ২৪ফেব্ৰুৱাৰী: অসমত কেতিয়াও নোহোৱা এটা প্রতিবাদে সমগ্ৰ অসম জোকাৰি গৈছিল২০১৪ চনত। ২৪ ফেব্ৰুৱাৰী ২০১৪ চনৰ এই দিনটোতে জাতীয় শ্বহীদ প্ৰণৱ বড়োৱে থলুৱা ভূমিস্বত্বৰ দাবীত দিছপুৰ জনতা ভৱনৰ সন্মুখত কৰিছিল নজিৰবিহীন প্ৰতিবাদ।

দেওবাৰে সেইজন শ্বহীদ প্ৰণৱ বড়োৰ পঞ্চমটো শ্বহীদ দিৱসত গুৱাহাটীস্থিত চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শ্বহীদজনৰ সোঁৱৰণত এক প্ৰতিবাদী সভা ৰূপায়ন কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই পতাকা উত্তোলন কৰি সভাখন আৰম্ভ কৰাৰ পাছতে শ্বহীদ প্ৰণৱ বড়োৰ সহধৰ্মিনী পূৰ্ণিমা বড়োৱে শ্বহীদ তৰ্পন কৰে।

“তেজ দিম মাটি নিদিওঁ” এই শ্ল’গান যি শ্ল’ গান প্ৰণৱ বড়োৰ মৃত্যুৰ সময়ত প্ৰতিজন নাগৰিকে আওৰাইছিল সেই শ্ল’ গান প্ৰতিজন ভূমিহীন নাগৰিকক চেতনাত লৈ থাকিবলৈ আহ্বান জনায় শ্বহীদ গৰাকীৰ পত্নী পূৰ্ণিমা বড়োৱে।

আনহাতে , দীৰ্ঘদিন ধৰি ভূমিৰ অধিকাৰ বিচাৰি প্ৰতিবাদ কৰা ক্ষোভিত প্ৰতিবাদকাৰীসকল হৈ পৰিছে মৰ্মাহত।প্ৰতিবাদকাৰীসকলৰ মুখত শুনা গ’ল যিসময়ত থলুৱা ভূমিহীন আৰু শ্ৰমজীৱী মানুহে নিজৰ ভূমিৰ অধিকাৰৰ দাবীত আন্দোলন কৰি আহিছে,প্ৰাণ আহুতি দিছে সেইসময়তে কংগ্ৰেছৰ দিনত ৰতন টাটাহঁতক জলাশয়,পাহাৰত আৰু বিজেপি চৰকাৰৰ দিনত ৰামদেৱক বিঘাই বিঘাই মাটি দিলে।

প্ৰতিবাদকাৰীসকলে দেওবাৰৰ দিনৰ দুই বজালৈ “বীৰ শ্বহীদ প্ৰণৱ বড়ো অমৰ হওঁক”,”গুৱাহাটীবাসীক মাটিৰ পট্তা লাগিবই”,”সৰ্বানন্দ হুঁচিয়াৰ” আদি শ্ল’গানেৰে উত্তাল কৰি ৰাখে চৰকাৰী ধৰ্নাস্থলী চচল।