বাইহাটা চাৰিআলি, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰী:  কামৰূপৰ পুঠিমাৰীত অনুষ্ঠিত হয় এখন পৃষ্ঠা প্ৰমুখ সন্মিলন। এই সন্মিলনত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সম্পাদক দিলীপ শইকীয়া।

উক্ত সন্মিলনত উপস্থিত থাকি দিলীপ শইকীয়াই বিষাক্ত সুৰাপানৰ ফলত মৃত্যু হোৱা গোলাঘাট কাণ্ডত কোনো ষড়যন্ত্ৰ নিহিত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰে।

উল্লেখযোগ্য যে সমাগত লোকসভা নিৰ্বাচনত মঙ্গলদৈ লোকসভা সমষ্টিৰ পৰা শইকীয়া প্ৰাৰ্থীত্ব প্ৰত্যাশী। উক্ত সন্মিলনতে মঙ্গলদৈ লোকসভা সমষ্টিৰ এজন ভোটাৰ হিচাপে তেওঁক প্ৰাৰ্থীত্ব দিয়াৰ বাবে অনুৰোধ জনোৱা বুলিও উল্লেখ কৰে ৰাজ্যিক সম্পাদক গৰাকীয়ে।

অন্যহাতে, বিজেপি দলৰ উত্তৰ পূৱৰ প্ৰভাৰী ড* মহেন্দ্ৰ সিঙে সমাগত লোকসভা নিৰ্বাচনত বিজেপি দলে ১১ৰ পৰা ১২ খন আসন লাভ কৰিব বুলি উল্লেখ কৰি কংগ্ৰেছ দলক কটাক্ষ কৰি কয় যে কংগ্ৰেছৰ হাত দুৰ্নীতি ভ্ৰষ্টাচাৰৰ হাত ।