পাঠশালা,সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰী: ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰত পাকিস্তানী উগ্ৰপন্থীৰ বৰ্ব্বৰ আক্ৰমণত মৃত্যু বৰণ কৰি স্বহীদ হোৱা ভাৰতীয় বীৰসেনা সকলৰ কথা সকলোৱে নিশ্চিত পাহৰি যোৱা নাই। সেই বীৰ শ্বহীদ সকলৰবাবে দেশবাসী আজিও শোকত ম্ৰিয়মান।

শোকত স্তব্ধ হৈ থকা দেশবাসীৰ এনে সময়তে পাঠশালাৰ কেন্দুগুৰিৰ এজন সাধাৰণ যুৱকে দেখুৱালে দেশপ্ৰেমৰ নিদৰ্শন। যিটো দিন প্ৰত্যেকৰে জীৱনৰ বাবে সবাতোকৈ ডাঙৰ দিন সেই গুৰুত্বপূৰ্ণ দিনটোতে তেখেতে নিদৰ্শন কৰিলে এক দেশপ্ৰেম।

দৰাৰ ৰূপত এই যুৱকজনৰ নাম প্ৰদ্যুত তালুকদাৰ  তেখেতৰ ঘৰ পাঠশালাৰ কেন্দুগুৰিত। সৰু সুৰা ব্যৱসায়ৰ জৰিয়তে পৰিচালনা কৰে জীৱন। এইগৰাকী যুৱকেই দেওবাৰে নিজৰ বিয়াৰ দিনত কইনা ঘৰলৈ গৈ আতচবাজীৰ প্ৰদৰ্শন কৰাৰ বিপৰীতে সেই ধন ৰাহি কৰি মুঠ ১০,০০০টকা প্ৰদান কৰে ভাৰতীয় ৱীৰ স্বহীদ সকলৰ নামত । তদুপৰি এনে আতচবাজীৰ জৰিয়তে হোৱা শব্দ প্ৰদূষণ ৰোধ কৰি নিজকে আনন্দিত বোধ কৰিছে যুৱকজনে ।

আনহাতে ১০,০০০ ধনৰাশি বহুত ডাঙৰ কথা নহয় যদিও সাধাৰণ পৰিয়ালৰ দৰাজনৰ বাবে এই ধনৰাশি সৰু নহয় কিন্তু সবাতোকৈ ডাঙৰ হৈছে যুবকজনৰ দেশপ্ৰেম অাৰু মহৎ চিন্তা।