গুৱাহাটী, সংবাদ ৩৬৫, ১৮ অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱৰ পিছতে মহানগৰীত আৰম্ভ হ’ব ক্ৰিকেটৰ উন্মাদনা। অহা ২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত এদিনীয়া ক্ৰিকেট মেচখন অনুষ্ঠিত হ’ব। ভৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত পাঁচখন এদিনীয়া মেচৰ শৃংখলাৰ প্ৰথমখন মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ২১ অক্টোবৰত হ’ব। ইতিমধ্যে প্ৰথমখন মেচৰ বাবে ৱেষ্ট ইণ্ডিজৰ সম্পূৰ্ণ দলটোয়ে গুৱাহাটীত আহি উপস্থিত হৈছে। প্ৰথমখন মেচৰ পূৰ্বে বৃহস্পতিবাৰে ৱেষ্ট ইণ্ডিজৰ দলটোৱে বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলায়। হোটেল ৰেডিচন ব্লু’ৰ পৰা বৃহস্পতিবাৰে পুৱা ৯.৩০ মান বজাত ৱেষ্ট ইণ্ডিজৰ দলটোয়ে এক বিশেষ বাছ যোগে আহি বৰ্ষাপাৰা ষ্টেডিয়ামত উপস্থিত হৈ অনুশীলন প্ৰক্ৰিয়া চলায়। ৱেষ্ট ইণ্ডিজৰ দলটোৱে বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰায় ৩ ঘণ্টা ধৰি অনুশীল কৰি পুনৰ হোটেল ৰেডিচন ব্লুলৈ উভতি যায়। ৱেষ্ট ইণ্ডিজৰ দলটোয়ে বৰ্ষাপাৰা ষ্টেডিয়ামত বলিং, বেটিং আৰু ফিল্ডিংৰ অনুশীলন চলোৱাৰ লগতে ফুটবলো খেলে। ইফালে পুৱাৰ ভাগত বৰ্ষাপাৰা ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজ দলৰ অনুশীলনৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হয়। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হ’ব লগা এদিনীয়া মেচখনৰ বাবে ৱেষ্ট ইণ্ডিজৰ সম্পূৰ্ণ দল গুৱাহাটীত উপস্থিত হোৱাৰ বিপৰীতে ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী গুৱাহাটীত উপস্থিত হৈছে। ভাৰতীয় দলৰ কেইবাজনো খেলুৱৈ আজি বৃহস্পতিবাৰে গুৱাহাটীত আহি উপস্থিত হ’ব। উল্লেখ্য যে বৰ্ষাপাৰা ষ্টেডিয়ামত ২১ অক্টোবৰত অনুষ্ঠিত হ’ব লগা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ মেচখনে হ’ব প্ৰথমখন এদিনীয়া ক্ৰিকেট মেচ। ইয়াৰ পূৰ্বে বৰ্ষাপাৰাত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত টি২০ ক্ৰিকেট মেচ অনুষ্ঠিত হৈছিল।