তামুলপুৰ, সংবাদ ৩৬৫, ১৭ অক্টোবৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত তামুলপুৰ অাৰক্ষী থানাত বুধবাৰে তামুলপুৰ জিলা এ বি এম ছুৱে শিলাদিত্য দেৱে কৰা সাম্প্ৰদায়িক মন্তব্য আৰু এন আৰ চিক অৱমাননা কৰাৰ প্ৰতিবাদত এখন এজাহাৰ দাখিল কৰে। উল্লেখযোগ্য যোৱা ১৩ অক্টোৱৰ তাৰিখে আলফা স্বাধীনে গুৱাহাটীৰ শুক্লেশ্বৰ ঘাটত দিয়া বোমা বিস্ফোৰনৰ পিছত বি জে পি বিধায়ক শিলাদিত্য দেৱে এক বিতৰ্ক মূলক মন্তব্য আগবঢ়াই তেওঁ কয় যে ঈদৰ সময়ত হে বোমা দিব লাগে বুলি কয়। লগতে বহু সময়তে এন আৰ চিত মুছলমান বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি এন অাৰ চি প্ৰক্ৰিয়াক চুৰান্ত ভাবে যি অৱমাননা কৰি আহিছে তাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে তামুলপুৰ জিলা এ বি এম ছুৱে তামুলপুৰ থানাত আই পি চি ১০৫/১২০ বি/১৫৩/এ ধাৰাত এটি গোচৰ ৰুজু কৰে। তামুলপুৰ জিলা এ বি এম ছুৰ সভাপতি টাইচন হুছেইনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে অসমৰ মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাতে শিলাদিত্য দেৱে এনে মন্তব্য কৰি আহিছে বুলি কয়।