কুন্দন ভৰালী

নগাঁও

২৯ জানুৱাৰী

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি আৰু কৃষ্টিৰাজিৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ। মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত আৰু গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ।

তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ প্ৰথম দিনাই নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক আন্তঃৰাজ্যিক আলোচনা চক্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত অনুষ্ঠিত আলোচনা চক্ৰত দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকী শংকৰী গৱেষক, পণ্ডিত অংশগ্ৰহণ কৰে। গুৰুজনাৰ সৃষ্টি আৰু কৰ্মৰাজিৰ শুদ্ধ প্ৰচাৰৰ উদ্দেশ্যেই আয়োজন কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ।

অসমৰ সভ্যতা, সংস্কৃতিলৈ মাজে সময়ে কিছু ভাবুকিৰ সৃষ্টি হয় যদিও গুৰুজনাৰ আদৰ্শৰে আগবাঢ়ি গ’লে অসমৰ সভ্যতা সংস্কৃতিত কোনো আঁচোৰ নপৰে বুলি আশাবাদী শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ সমন্বয়ক ব্ৰজেন কাকতিয়ে। শনিবাৰ আৰু দেওবাৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা খানৰ লগতে কাষৰীয়া ছয়খন সত্ৰত শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব।