আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৩০ জানুৱাৰী

শিৱসাগৰত পথ সজাগতা শিবিৰ সম্পন্ন । শিৱসাগৰ লোক নিৰ্মাণ বিভাগৰ উদ্যাগত বানমূখ অঞ্চলত অনুষ্ঠিত কৰা হয় এক পথ সজাগতা শিবিৰ৷

ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ হিচাপে পালন কৰা হৈছে৷ পথ সুৰক্ষা মাহৰ লগত সংহতি ৰাখি শনিবাৰে শিৱসাগৰ লোক নিৰ্মাণ বিভাগে বানমূখ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী সকলক লগত ডেকা বৰবৰুৱা পথৰ কাষত বিভিন্ন ধৰণৰ বেনাৰ-পষ্টাৰ লগাই সজাগতা শিবিৰ অনুস্থিত কৰে৷ এই সজাগতা শিবিৰত অংশগ্ৰহণ কৰি লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা ৰচিদ আলিয়ে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত পথ সুৰক্ষা সন্দৰ্ভত বিভিন্ন পৰামৰ্শ আগবঢ়াই বিস্তৃত বিৱৰণী দাঙি ধৰে৷

সজাগতা অনুষ্ঠানটোত লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা সীমান্ত তামুলী, কনিষ্ঠ অভিযন্তা ৰফিক হাজৰিকা, মনোজ দে, সত্যৱত মিলিকে ধৰি বানমূখ হাইস্কুলৰ কেইবাগৰাকী শিক্ষয়ত্ৰী উপস্থিত থাকে ৷