আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৯ জানুৱাৰী

শিৱসাগৰত আয়ােজিত গাঁওৰক্ষী সংগঠনৰ ৭২ তম প্রতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্রহণ। গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰিনাৰায়ণ বৰুৱাৰ প্রতিমূর্তি গুৱাহাটীত স্থাপনৰ পদক্ষেপ ল’বলৈ আৰক্ষী সঞ্চালক প্রধানক মুখ্যমন্ত্রীৰ নির্দেশ। মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে শুকুৰবাৰে শিৱসাগৰ জিলাৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত আয়ােজিত সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৭২ তম প্রতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশ গ্রহণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰিনাৰায়ণ বৰুৱাৰ প্রতিচ্ছৱিত মাল্যাৰ্পণ কৰি গভীৰ শ্রদ্ধা নিবেদন কৰে।

গাঁওৰক্ষী সংগঠনৰ ৭২ তম প্রতিষ্ঠা দিৱস উপলক্ষে আয়ােজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল যে ভাৰতবৰ্ষৰ আত্মা গাঁৱতহে বাস কৰে। ভাৰতবৰ্ষৰ প্ৰায় ৮৪ শতাংশ লােক গাঁৱত বাস কৰে। ভাৰতবৰ্ষক শক্তিশালী কৰিব লাগিলে ৮৪ শতাংশ লােকে বসবাস কৰা গ্রামাঞ্চলক শক্তিশালী কৰিব লাগিব। ভাৰতবৰ্ষৰ প্ৰতিখন গাঁৱৰ গাই আজি একবিংশ শতিকাত শক্তিশালীভাৱে অৱতীৰ্ণ হােৱাৰ বাবে নিষ্ঠাসহকাৰে অৱতীৰ্ণ হৈছে। অসমৰ ২৬ হাজাৰখন গাঁৱৰ সৰ্বাংগীন উন্নয়নৰ বাবে আমি সকলােৱে সন্মিলিত প্রচেষ্টা চলাব লাগিব। গ্রামাঞ্চলৰ সাৰুৱা মাটিত উৎপাদন বৃদ্ধিৰ বাবে আমি প্রচেষ্টা চলাব লাগিব। উঠি অহা প্ৰজন্মক আমাৰ পাঁচ হাজাৰ বছৰীয়া সভ্যতা সংস্কৃতিৰ উমান দিব লাগিব। মানৱীয় অনুভূতিৰে উঠি অহা প্ৰজন্মৰ মাজত মানৱতাবােধৰ সৃষ্টি কৰিব লাগিব। জাতিৰ পিতা মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষক ৰাম ৰাজ্য হিচাপে প্রতিষ্ঠা কৰাৰ সপােন দেখিছিল। গাঁওৰক্ষী বাহিনীৰ সদস্য সকলে নিজৰ নিজৰ গাঁৱক সুৰক্ষিত কৰি ৰাখিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গাঁৱসমূহত যাতে কোনাে অপৰাধমূলক ঘটনা সংঘটিত হয় তাৰ বাবে গাঁওৰক্ষী বাহিনীৰ জোৱান সকলক নিষ্ঠাৰে কাম কৰিব লাগিব।

মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৬ চনত দুর্নীতিমুক্ত, বিদেশীমুক্ত, সন্ত্রাসবাদমুক্ত আৰু প্ৰদূষণমুক্ত অসম বহুখিনি সফল হৈছে। এতিয়া অসমৰ সকলাে শ্ৰেণীৰ জনসাধাৰণে সুৰক্ষিতভাৱে এক শান্তিপূর্ণ বাতাৱৰণত জীৱন যাপন কৰাৰ বাবে এক পৰিৱেশ নির্মাণ হৈছে। এসময়ত অসমৰ সমাজ জীৱনত দুর্নীতি আৰু ভ্ৰষ্টাচাৰ দলৈকে শিপাই গৈছিল। শাসন ব্যৱস্থা দুর্বল হৈ পৰিছিল। দুর্নীতিপৰায়ণ ব্যক্তি, প্রভাৱশালী ব্যক্তিসকলে ন্যক্তস্বার্থ পূৰণ কৰাৰ বাবে বিভিন্ন অপকর্মত লিপ্ত হৈছিল। অসমৰ ৰাইজৰ সহযােগত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে দুর্নীতিৰ বিৰুদ্ধে যি শক্তিশালী পদক্ষেপ গ্রহণ কৰিলে ইয়াৰ ফলশ্ৰুতিত আজি সমগ্ৰ ৰাজ্যখনতে এক সুন্দৰ আৰু শক্তিশালী ব্যবস্থা প্রদান কৰাৰ দিশত চৰকাৰখন সফল হৈছে বুলিও তেওঁ কয়। অসমৰ জনসাধাৰণে শান্তি বিচাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পূর্বৰ চৰকাৰে যথােচিত পদক্ষেপ গ্রহণ নকৰা বাবে জনসাধাৰণে শান্তিৰ সন্ধান কৰিব লগা হৈছিল। সমগ্ৰ অসমৰ গণতান্ত্রিক বাতাবৰণ। সেই সময়ত প্ৰদূষিত হৈ পৰিছিল। সেয়েহে সন্ত্রবাদমুক্ত অসম গঢ়াৰ লক্ষ্যৰে ২০১৬ চনত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে যি যাত্ৰা আৰম্ভ কৰিলে ইয়াৰ ফলশ্ৰুতিত বহু কেইটা উগ্রপন্থী সংগঠনৰ বহু সদস্যই উগ্রপন্থা পৰিত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিছে। ফলত ৰাজ্যখনত শান্তিৰ পৰিৱেশ বিৰাজ কৰাৰ বাবে জনসাধাৰণে যথেষ্ট সকাহ পাইছে। ইয়াৰ ফলতে অসমে সকলাে দিশতে উন্নতিৰ জখলাত বগাবলৈ সক্ষম হৈছে। ইয়াৰ মূল কাৰণ শান্তি বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

সন্ত্রাসবাদমুক্ত অসম গঢ় দিয়াৰ বাবে ভাৰতবৰ্ষৰ অন্যান্য প্রান্তত অসমে এতিয়া সুকীয়া দৃষ্টি লাভ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে গাঁওৰক্ষী বাহিনীৰ জোৱান সকলে গাঁও সমূহ সুৰক্ষিত কৰি ৰাখিব লাগিব। গ্রাম্য সমাজত যাতে মিলাপ্ৰীতি আৰু সমন্বয় অটুত থাকে সেই দিশত গাঁওৰক্ষী বাহিনীয়ে প্রধান ভূমিকা ল’ব লাগিব। গাঁও সমূহত যদি কোনাে অপশক্তিয়ে শান্তি সম্প্রীতি বিনষ্ট কৰিবলৈ প্রচেষ্টা চলায় সেই প্রচেষ্টা গাঁওৰক্ষী বাহিনীয়ে মষিমূৰ কৰিব লাগিব। গাঁও সমূহক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হ’লে জাতিৰ পিতা মহাত্মা গান্ধীৰ ৰাম ৰাজ্যৰ সপােন বাস্তৱায়িত হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। গাঁওৰক্ষী বাহিনীৰ প্ৰতিগৰাকী নিষ্ঠাবান জোৱানে এই দৃষ্টিভংগীৰে আগন্তুক সময়ত কাম কৰি যাব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে। ঐতিহাসিক তলাতল ঘৰৰ এই প্রাঙ্গণত সমগ্ৰ অসমৰ জনসাধাৰণক বিভিন্ন প্রত্যাহ্বান আহিলেও মিলাপ্রীতি আৰু সমন্বয় অটুত ৰখাৰ বাবে সংকল্পবদ্ধ হ’বলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জানায়। অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে গাঁওৰক্ষীবাহিনীৰ প্ৰতিষ্ঠাপক হৰিনাৰায়ণ বৰুৱাৰ এটা প্রতিমূর্তি গুৱাহাটীত স্থাপনৰ পদক্ষেপ ল’বলৈ আৰক্ষী সঞ্চালক প্রধান নির্দেশ দিয়াৰ লগতে গাঁওৰক্ষী বাহিনীৰ জোৱানসকলে স্মাৰক পত্ৰ প্ৰদানৰ জৰিয়তে উল্লেখ কৰা সমস্যাসমূহ সমাধানৰ দিশত চৰকাৰে ইতিবাচকভাৱে পদক্ষেপ ল’ব বুলিও আশ্বাস প্রদান কৰে।

মুখ্যমন্ত্ৰীয়ে লগতে গাঁওৰক্ষী বাহিনীসমূহৰ মাননি বর্তমানৰ ২৫০০ টকাৰ পৰা বৃদ্ধি কৰাৰ দিশটো চৰকাৰে পদক্ষেপ ল’ব বুলি কয়। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে বিশিষ্ট সেৱাৰ বাবে ৩৪ টা গাঁওৰক্ষী সংগঠন তথা ২৬ টা মণ্ডল পর্যায়ৰ সংগঠনক মান পত্র প্রদান কৰে। গাঁওৰক্ষী বাহিনীৰ মুখ্য নিয়ন্ত্রক দিগন্ত বৰাই আদৰণী ভাষণ প্রদান কৰা অনুষ্ঠানত ৰাজহ আৰু দুর্যোগ ব্যবস্থাপনা বিভাগৰ মন্ত্রী যােগেন মহন, যােৰহাট লােক সভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তইও ভাষণ প্রদান কৰে। অনুষ্ঠানত বিধায়কসকল ক্রমে প্রদীপ হাজৰিকা, কুশল দুৱৰী,নবনিতা সন্দিকৈ, গাঁওৰক্ষী বাহিনীৰ মুৰব্বী অঞ্জন কুমাৰ বৰা, শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষুকমল বৰা, অসম ক্রিকেট সন্থাৰ সভাপতি ৰমেন দত্ত প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।