মানিকপুৰ, ২৬ আগষ্টঃ বঙাইগাঁৱৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত বীনাপানী ইউনাইটেড মাধ্যমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰাপ্ত তথ্য মতে, বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰেশ চন্দ্ৰ কৰ্মকাৰে পুখুৰীত বস্তুাই বস্তুাই মধ্যাহ্ন ভোজনৰ চাউল পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি কৰ্মকাৰে দীৰ্ঘদিন ধৰি ভুৱা ছাত্ৰ ছাত্ৰী মধ্যাহ্ন ভোজনৰ চাউল আৱন্টন কৰি সপ্তাহত দুই বা তিনি দিন ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজন দি বাকী ৰাহি হোৱা চাউল আত্মসাৎ কৰি আহিছিল৷ কিন্তু বিগত কেইবা মাহ ধৰি স্হানীয় লোকে নজৰ ৰখাত প্ৰধান শিক্ষজনে ৰাহি হোৱা চাউল বিক্ৰী কৰিব নোৱাৰি পুখুৰীত পেলাই দিয়ে। আনহাতে প্ৰধান শিক্ষক কৰ্মকাৰে অভিযোগ খণ্ডন কৰি অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক আনন্দ চন্দ্ৰ সাহাৰ দিনত ৰাহি হোৱা চাউলহে পুখুৰীত পেলাই দিয়া মন্তব্য কৰে৷ স্থানীয় লোকে ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ নামত হোৱা দুৰ্নীতিৰ তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷