বৰহাট, ১২জুনঃ চৰাইদেউৰ অন্তৰ্গত বৃহত্তৰ বৰহাট অঞ্চলত অবৈধভাৱে গঢ় লৈ উঠা মদৰ ভাটি সমূহে অঞ্চলটোৰ  সামাজিক তথা শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছে। বৰুৱাচালি মৌজাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত এই বৃহত্তৰ বৰহাট অঞ্চলৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় সমূহৰ নিচেই কাষতে অবৈধ মদৰ ঘাটি ক্ৰমাগত ভাবে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বুৰঞ্জীপ্ৰসিদ্ধ চৰাইদেউৰ বৰহাটৰ ভালেকেইখন উচ্চ শিক্ষানুষ্ঠানৰ কাষত এচাম অসাধু চক্ৰই অবৈধ ভাবে মদৰ ৰমৰমীয়া বেহা চলাই আহিছে। বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষত অৱস্থিত কেইবাখনো পাণ তামোলৰ ঘূমটিতো অবৈধ ভাৱে গোপনে মদ বিক্ৰী কৰি থকা হৈছে৷ স্থানীয় আৰক্ষী প্ৰশাসন তথা আৱকাৰি বিভাগে এই পাণ তামোলৰ ঘূমটিত গোপনে মদ বিক্ৰী কৰি থকা সৰ্ম্পকে অৱগত হোৱাৰ পিছতো চকু মুদা কুলিৰ ভাওঁ ধৰাত স্থানীয় লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ প্ৰশাসনৰ এনে গা-এৰা মনোভাবে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰৰ মাজত মদৰ প্ৰতি আকৰ্ষিত হোৱাত উদগনি যোগাইছে৷ অঞ্চলটোত  অবৈধভাৱে চলাই থকা মদৰ ৰমৰমীয়া বেহা অচিৰেই বন্ধ কৰিবলৈ স্থানীয় লোকে চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে।