গুৱাহাটী, সংবাদ ৩৬৫, ২৬ মাৰ্চ : সদৌ অসম ইউনিফৰ্ম যোগানকাৰী সন্থাই অহা ২৭-০৩-২০১৯ বুধবাৰে চচলৰ প্ৰতিবাদী ক্ষেত্ৰত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছিল কিন্তু উক্ত প্ৰতিবাদী কাৰ্যসূচী উচ্চ ন্যায়ালয়ৰ এক স্থগিতাদেশৰ বাবে বাতিল কৰে ।

উল্লেখ্য যে থলুৱা লোকক বাদ দি বহিঃ ৰাজ্যৰ প্ৰতিষ্ঠানৰ হাতত ইউনিফৰ্মৰ যোগানৰ কামটো গতাই দিয়াৰ বাবে অসম সৰ্বশিক্ষা মিছনে কৰা প্ৰচেষ্টাক নিৰ্মূল কৰাৰ উদ্দেশ্যে সদৌ অসম ইউনিফৰ্ম যোগানকাৰী সন্থাৰ কেইজনমান সদস্যৰ দ্বাৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত ২৫-০৩-২০১৯ তাৰিখে এখন আবেদন কৰিছিল আৰু এই আবেদনৰ ভিত্তিত এক গোচৰ ৰুজু কৰা হয়।

আনহাতে, উক্ত ২৫-০৩-২০১৯ তাৰিখতো আছিল নিবিদা গ্ৰহণৰ অন্তিম তাৰিখ আৰু উক্ত দিনাই বিয়লি ৩ বজাত নিবিদা মুকলি কৰাৰ কথাও আছিল। কিন্তু উক্ত গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ইউনিফৰ্ম যোগানৰ নিবিদাৰ মুকলি ক্ষেত্ৰত এক স্থগিতাদেশ জাৰি কৰে।

বহিঃ ৰাজ্যৰ প্ৰতিষ্ঠানক কাম দিব বিচৰা অসম সৰ্বশিক্ষা মিছনৰ এই সমগ্ৰ কুচকাৱাজক এই নিৰ্দেশনাই প্ৰভাৱিত কৰিছে লগতে প্ৰায় দুশ ইউনিফৰ্ম যোগানকাৰীৰ লগত জড়িত প্ৰায় এক লাখতকৈ বেছি দৰ্জী তথা হাত চিলাই কাম কৰা মানুহখিনিৰ বাবে আশা আনিছে।

সদৌ অসম ইউনিফৰ্ম যোগানকাৰী সন্থাৰ দ্বাৰা অহা ২৭-০৩-২০১৯ বুধবাৰে চচলৰ প্ৰতিবাদী ক্ষেত্ৰত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী লোৱা হৈছিল। এই কাৰ্যসূচীত অসমৰ ৩৩ খন জিলাৰ ইউনিফৰ্ম যোগানৰ লগত জড়িত থকা যোগানকাৰী, দৰ্জী তথা হাত চিলাইৰ কাম কৰা লোকসকলে অংশ গ্ৰহণ কৰাৰ কথা আছিল। কিন্তু উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ প্ৰতি সন্মান জনাই সদৌ অসম ইউনিফৰ্ম যোগানকাৰী সন্থাৰ তৰফৰ পৰা এই কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই সিদ্ধান্তৰ কথা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়ে সন্থাটোৱে।