বকো, সংবাদ ৩৬৫, ২৪ ছেপ্টেম্বৰ: কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ ৰৌমাৰী গাঁৱৰ পুৰুষ, মহিলা আৰু শিশু ছাত্ৰ ছাত্ৰী সকলে বাঁহৰ টুকুৰি বনাই বজাৰত বিক্ৰী কৰি উপাৰ্জন কৰা ধনেৰে জীৱিকা নিৰ্বাহৰ লগতে কন কন শিশুৰ বিদ্যালয়ৰ পঢ়াৰ খৰচ যুগত কৰিছে। এই টুকুৰিসমূহ বকো, ছয়গাঁও, সোণতলী কাছুমাৰা আদি বজাৰত বিক্ৰী কৰি পোৱা লাভৰ ধনেৰে চলে চুবুৰীটোৰ প্ৰতিটো পৰিয়াল।পূৰ্ব পুৰুষৰ পৰা চলি আহিছে এই গাঁৱত বা়ঁহৰ টুকুৰি বনুৱা কাম। স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে আবেলি সময়ত সমূহীয়া ভাৱে টুকুৰি বনাই পৰিয়ালক আৰ্থিক ভাৱে সহায় কৰাৰ লগতে নিজৰ পঢ়াৰ খৰচ যুগুত এক দৃশ্য সোমবাৰে দেখিবলৈ পোৱা যায়। উক্ত চুবুৰীটোত প্ৰায় পঞ্চাশটা পৰিয়াল আছে। চুবুৰীটোলৈ যাবলৈ ৰাস্তা-ঘাটৰ অৱস্থাও তথৈবচ। আৰ্থিক দুৰাৱস্থাৰ বাবেই মানুহখিনিৰ জীৱন ধাৰণৰ মানো অতি নিম্নমানৰ। গাঁৱবাসীয়ে বিচাৰে গাঁৱৰ বিধ্বস্ত পথচোৱা ভাল হওঁক , চৰকাৰ-প্ৰশাসনে মনোযোগ দিয়ক ব্যতিক্ৰমী শিল্পগ্ৰামৰ উন্নয়নৰ বাবে। পৰিয়াল খিনি এদিন কাম নকৰিলে জুঁই নজলিব চৌকাত। শিল্পী শিশু ছাত্ৰ ছাত্ৰীৰ দুহাতৰ যাদুত নিমিষতে গঢ় লৈছে একোটা সুন্দৰ টুকুৰি। পিছে আৰ্থিক দীনতাইহে হৈ পৰিছে বাধাৰ প্ৰাচীৰ। এতিয়া প্ৰশ্ন হয় যে গঞা শিল্পী, ছাত্ৰ বিশেষ শিল্পগ্ৰাম খনৰ দুৰ্গত এইসকল শিল্পীৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে কিবা বিশেষ আঁচনি যুগুতাবনে বৰ্তমানৰ চৰকাৰখনে ? সেয়া সময়তহে লক্ষ্যনীয় হব।