গোৱৰ্দ্বনা, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ: সোমবাৰে অৰ্থাৎ ২৪ ছেপ্টেম্বৰৰ সন্ধিয়া ৪ বজাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তে ডি ভোটাৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে গোৱৰ্দ্বনাত অঞ্চলত সচেতন যুৱ সমাজৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সচেতন আছুৰ যুৱক উদ্দিনৰ সভাপতিত্বত আৰু মহিদুল ইছলামৰ উদ্যেশ্য ব্যাখ্যাৰে অনুষ্ঠিত সভা খনত এন,আৰ,চি আৰু ডি ভোটাৰ সমস্যাৰ কি পদ্ধতিৰে সমাধান কৰিব পৰা যায় এই সম্পৰ্কে বিস্তাৰিত আলোচনা কৰে। উক্ত সভাত উপস্থিত থাকি ভাষণ দিয়ে নৱ গঠিত এছোচিয়েচন ফৰ প্ৰতেকচন অফ ইণ্ডিয়ান চিটিজেনচিপ ৰাইট (এ,পি,আই¸চি,আৰ)ৰ সাধাৰণ সম্পাদক সাজাহান আলী আহমেদে। তেওঁ এন আৰ চিত কোনো কাৰণ নোহোৱাকৈ বৈধ নথি-পত্ৰ থকা লোকক ঘোষিত বিদেশী বুলি কৈ কৰ্তৃপক্ষই বিভ্ৰান্তিৰ সৃষ্টি কৰাই নহয় এন আৰ চিৰ কামত বাধাৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰে আৰু ইয়াৰ ওপৰত মহামান্য আদালতে তদন্ত ঘোষণা কৰাৰ দাবী জনায়। সভাত উপদেষ্টা জাহিদুল ইচলাম মিৰ্ধাৰ লগতে আমছু আৰু সদৌ অসম গৰিয়া মৰিয়া যুৱ পৰিষদৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া সকলে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। উক্ত সভাত সময়োপযোগী সমস্যাৰবোৰ সমাধানাৰ্থে বৃহত্বৰ গোৱৰ্দ্বনা আঞ্চলিক এ,পি,আই¸চি,আৰ সমিতি গঠন কৰা হয়। উক্ত সমিতিৰ উপদেষ্টা হিচাপে শংসেৰ আলি ,জয়েন উদ্দিন, শ্বাহ জামাল, কিতাব আলি আৰু নুৰুল আলীক নিৰ্বাচন কৰা হয়। আৰু সভাপতি হিচাপে ফজলুৰ আলী, সাধাৰণ সম্পাদক হিচাপে মহিদুল ইচলামক,সম্পাদক হিচাপে হৰমুজ আলী আদি কৰি ৩১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয় উক্ত সভাত ডি ভোটাৰৰ সমস্যা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তে সমাধান কৰাৰ দাবীত অহা ১ অক্টোবৰ তাৰিখে বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হ’ব লগা অৱস্থান ধৰ্ণা সম্পৰ্কে আলোচনা কৰা হব আৰু উক্ত ধৰ্ণা কাৰ্য্যসূচীত জাতি, বৰ্ণ,ধৰ্ম,ভাষা নিৰ্বিশেষে সকলো ৰাইজৰ দলে দলে উপস্থিতি কামনা কৰে সংগঠনটোৱে।