বকো, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ: আৰক্ষী প্ৰশাসনৰ দুৰ্বলতাৰ বাবেই বকোৰ মালিবাৰী আৰু মন্দিৰা অঞ্চলত দৈনিক বিভিন্ন অসামাজিক কাৰ্যকলাপ সংঘটিত হৈ আহিছে। দীৰ্ঘদিন ধৰি এটা দুষ্টচক্ৰৰ নেতৃত্বত বকোৰ মালিবাৰী আৰু মন্দিৰা এনছিত আৰক্ষী প্ৰশাসনৰ দুৰ্বলতাৰ বাবেই মদ, জুৱা, তাচ খেল, নাৰী কেলেংকাৰী আৰু ভূ মাফিয়াগিৰি আৰু বিভিন্ন গুণ্ডাগিৰি চলাই অহাত বৃহত্তৰ অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ উঠিছে। বুধবাৰে এই চক্ৰটোৱে মন্দিৰা এনছি গাওঁৰ গাতে লাগি থকা জলজলি নদীৰ পৰা সূলভ মূল্যৰ চোৰাং চাউল ভৰ্তি এখন ভূটভূটি নাওঁ জব্দ কৰে। চাউল সমূহ আৰক্ষীক চমজাই দিয়ে যদিও কিছু পৰিমাণৰ চাউল আত্মসাৎ কৰাৰ লগতে গোপনে ধনৰ লেনদেন কৰি চাউল ভৰ্তি নাওঁৰ পৰা চাউল নমাই ৰহস্য জনক ভাবে ভূটভূটি নাওঁ খন এৰি দিয়ে। মন্দিৰা এনছি গাওঁৰ আবুল হুছেইন আৰু তেওঁৰ পুত্ৰ আছৰফ আলী আৰু আক্ৰাম আলীৰ লগতে  কেবাজনো লোকৰ নেতৃত্বত এনে অসামাজিক কাৰ্য সমূহ চলি আছে বুলি অভিযোগ উত্থাপন হৈছে । চক্ৰটোৰ এনে অসামাজিক কাৰ্যকলাপ সংঘটিত কৰাত ক্ষোভিত হৈ শনিবাৰে মালিবাৰী- মন্দিৰা এনছি গাওঁৰ ৰাইজে মালিবাৰী বজাৰত দুষ্ট চক্ৰ উৎখাত কৰক, জব্দকৃত চাউল উচিৎ তদন্ত হওঁক, অসামাজিক কাৰ্য কলাপ বন্ধ কৰক, ভূ মাফিয়াগিৰি ৰোধ কৰক, নাৰী কেলেংকাৰী বন্ধ কৰক, আক্ৰাম আলী মূৰ্দমাবাদ, আছৰাফ আলী মূৰ্দমাবাদ ধ্বনিৰে এই দৰে প্ৰতিবাদ সাব্যস্ত কৰে। এইখিনিতে প্ৰশ্ন হয় যে শেহতীয়াকৈ জব্দকৃত চাউল হৰলুকি কৰা আৰু গোপন বুজা বুজি কৰি ৰহস্য জনক ভাবে ভূটভূটি নাওঁ খন এৰি দিয়া ব্যক্তি সকলৰ বিৰুদ্ধে উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হব নে অসম আৰক্ষীয়ে? সেয়া সময়তহে লক্ষ্যনীয় হব।