কলগাছিয়া, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ: এন আৰ চিত নাম অন্তৰ্ভূক্তি নোহোৱা ব্যক্তিৰ বাবে এ পি ডব্লিউয়ে এন আৰ চি সন্দৰ্ভত বিচৰা মনিটৰিং কমিটি গঠন কৰি মহামান্য উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনায় আৰু ইয়াক অৰ্থাৎ এ পি ডব্লিউয়ে এন আৰ চি সন্দৰ্ভত বিচৰা মনিটৰিং কমিটিক জনীয়াৰ বিধায়ক আব্দুল খালেকে সমৰ্থন জনাই এন আৰ চিত নাম অন্তৰ্ভূক্তি নোহোৱা ব্যক্তিক সহায় কৰাৰ উদ্দেশ্য দেওবাৰে জনীয়া বজাৰ আৰু বৰভিটা বজাৰৰ লগতে জনীয়া সমষ্টিত ৪টা এন আৰ চি সেৱা কেন্দ্ৰ উদ্বোধন কৰে। এই সেৱা কেন্দ্ৰ উদ্বোধন কৰি বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এ পি ডব্লিউয়ে এন আৰ চি সন্দৰ্ভত বিচৰা মনিটৰিং কমিটিক সমৰ্থন তেওঁ সমৰ্থন কৰে আৰু এই কমিটিখন মহামান্য উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা গঠিত হওক। উপমুন্য হাজৰিকাৰ দৰে বিতৰ্কিত সাম্প্ৰদায়িক ব্যক্তি যাতে এই কমিটীখনত অন্তৰ্ভূক্তি নহয় তাৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ৰ ওচৰত আহ্বান জনায় আৰু যদি উপমুন্য হাজৰিকাৰ দৰে ব্যক্তি যদি এই কমিটিত সোমায় তেন্তে তেওঁ উচ্চতম ন্যায়ালয়ৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ সঠিক প্ৰাধীকৰণৰ ওচৰত আপীল কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে জনীয়াৰ বিধায়ক গৰাকীয়ে।