মিৰ্জাৰ পৰা অজয় দাস, ১৫ অক্টোবৰঃ দক্ষিণ কামৰূপৰ বঙৰাৰ বৰঝাৰ বিমানবন্দৰৰ সমীপত চলি থকা অবৈধ চুলাই মদৰ বেহাই স্থানীয় লোকক অতিষ্ঠ কৰি তুলিছে। বঙৰা পুখুৰীৰ কাষৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুকাষে নিৰ্দিষ্ট কিছুমান স্থানত বিগত পাঁচ বছৰ ধৰি অবাধ বিক্ৰি হৈ আহিছে অবৈধ চুলাই মদ। প্ৰাপ্ত তথ্য অনুসৰি, বঙৰাৰে এখন গাঁৱত প্ৰস্তুত হয় এই অবৈধ চুলাই। স্থানীয় লোকে সদৰি কৰা অনুসৰি আৰক্ষী অবৈধ চুলাই মদৰ লগত জড়িত লোকক সময়ে সময়ে অভিযান চলাই আটক কৰে যদিও পুনৰ সেই কামতে ধৰে চুলাই বিক্ৰেতাৰ লগতে ক্ৰেতা সকল। বিশেষকৈ বিয়লি সময়ত চুলাই মদ বিক্ৰি হোৱাৰ লগে লগে ক্ৰেতা আৰু বিক্ৰেতা মাজত তৰ্ক বিৰ্তকৰ লগতে সুৰাপায়ীসকলে ঘৰত সৰু সৰু কথাতে কন্দল আৰম্ভ কৰাত ওচৰ চুবুৰীয়া অতিষ্ঠ হৈ পৰে। তদুপৰি সুৰাপায়ীসকলে মদৰ পলিথিন বাটত, খালত পেলাই চৌদিশৰ পৰিৱেশো বিনষ্ট কৰাৰ অভিযোগ উঠিছে। স্থানীয় লোকে আৰক্ষী তথা জিলা প্ৰশাসনৰ অবৈধ চুলাই মদ বেহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।