জোনমণি বেগম

বিশ্বনাথ

৮ মাৰ্চ

বিশ্বনাথত কংগ্ৰেছ প্ৰাৰ্থীক দলীয় কর্মী আৰু সমৰ্থকৰ আদৰণি। অঞ্জন বৰাক আদৰিবলৈ জন সমুদ্ৰত পৰিণত হ’ল বিশ্বনাথৰ ৰাজপথ। কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীক হাজাৰ হাজাৰ লোকে আদৰি নিলে সমষ্টিত। কেইবা শতাধিক বাইক আৰু গাড়ীৰে সমদল কৰি সমষ্টিত আদৰি অনা হয় অঞ্জন বৰাক।

এফালে যদি প্ৰাৰ্থী কেন্দ্ৰিক সংঘাত আনফালে পছন্দৰ প্ৰাৰ্থীক উষ্ম আদৰণি। কৰবাত যেই প্ৰাৰ্থীকলৈ ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ মাজত ক্ষোভ কৰবাত আকৌ দলীয় কর্মী আৰু সমৰ্থকে নাচি বাগি আদৰণি জনাইছে প্ৰাৰ্থীক। বিশ্বনাথৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীক দেওবাৰে উষ্ম আদৰণি জনায় দলীয় কর্মী আৰু সমৰ্থক সকলে। প্ৰাৰ্থী গৰাকীক আদৰণি জনাবলৈ জন সমুদ্ৰত পৰিণত হয় বিশ্বনাথৰ ৰাজপথ। দেওবাৰে পুৱাৰ ভাগৰ পৰাই বিশ্বনাথ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অঞ্জন বৰাক আদৰিবলৈ অপেক্ষা কৰি আছিল হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী আৰু সমৰ্থক সকল। বিয়লিৰ ভাগত গুৱাহাটীৰ পৰা গৃহ অভিমুখী অঞ্জন বৰাক চতিয়াৰ নাগশংকৰৰ পৰাই কেইবা শতাধিক বাইক আৰু গাড়ীৰে সমদল কৰি জিন্দাবাদ ধ্বনি দি বিশ্বনাথলৈ আদৰি আনে হাজাৰ হাজাৰ দলীয় কর্মী আৰু সমৰ্থক সকলে। বিশ্বনাথ বিধানসভা সমষ্টিৰ চতিয়াৰ নতুন চেণ্টাৰ, পুৰণা চেণ্টাৰ, প্ৰতাপগড় সাকোমঠা আদি অঞ্চলৰ উৎসাহী সমৰ্থকৰ আদৰণীৰ মাজতে গীৰ্জা, মঠ-মন্দিৰ, মছজিদ সমূহত প্ৰৱেশ কৰি আশীৰ্বাদ লয় কংগ্ৰেছ প্ৰাৰ্থী অঞ্জন বৰাই। নাগশংকৰৰ পৰা বিশ্বনাথৰ এই সুদীৰ্ঘ পথছোৱাত হাজাৰ হাজাৰ কৰ্মী সমৰ্থকে নিশা পৰ্যন্ত প্ৰিয় নেতা গৰাকীক আদৰিবলৈ অপেক্ষা কৰি থকাও পৰিলক্ষিত হয়।

উল্লেখ্য যে প্ৰায় ত্ৰিশ বছৰৰ মুৰত বিশ্বনাথত কংগ্ৰেছৰ নতুন প্ৰাৰ্থীৰ আগমনৰ বাবে কংগ্ৰেছী মহলত ব্যপক উৎসাহ দেখা পোৱা যায়। বিশেষকৈ বিশ্বনাথৰ যুৱ প্ৰজন্মৰ বহু প্ৰতিনিধিয়ে কংগ্ৰেছৰ আদৰণী সমদলত যোগদান কৰি এক জনসমূদ্ৰৰ সৃষ্টি কৰে। আনহাতে এই সমদলৰ বাবে বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দীৰ্ঘ সময় ধৰি যানযটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়।