গৰ্গ জ্যোতি দাস

অভয়াপুৰী

১৫ মার্চ

মনোনয় পত্ৰ দাখিল কৰিলে বিজেপি-অগপৰ মিত্ৰজোঁটৰ সমৰ্থিত অগপৰ দুই প্ৰাৰ্থীয়ে। অভয়াপুৰীত মনোনয়ন পত্ৰ দাখিল কৰিলে পূৰ্বেন্দু বাণিক্য আৰু ভূপেন ৰায়। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে পূৰ্বেন্দু বাণিক্য আৰু ভূপেন ৰায়ে।

তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৩৫ নং অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি বাবে অগপৰ প্ৰাৰ্থী পূৰ্বেন্দু বনিক্য আৰু ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ বাবে ভূপেন ৰায়ে সোমবাৰে অভয়াপুৰীস্থিত উত্তৰ শালমাৰা মহকুমাধিপতিৰ কাৰ্যালয়ত ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। দলীয় কৰ্মীৰ হৰ্ষোল্লাসৰ মাজেৰে দুয়ো গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ পিছত প্ৰাক্তন বিধায়ক তথা ৩৪ নং উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ অগপৰ প্ৰাৰ্থী ভূপেন ৰায়ে পঞ্চম বাৰৰ বাবে জয় নিশ্চিত বুলি দাবী কৰাৰ লগতে অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ সংখ্যালঘু অধ্যুষিত সমষ্টি যদিও তেখেতে সংখ্যালঘু ভোটাৰৰ ভোট লাভ কৰিবলৈ সক্ষম হ’ব বুলিও দাবী কৰে।

ইফালে অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ অগপৰ প্ৰাৰ্থী পূৰ্বেন্দু বনিক্যই জয় নিশ্চিত বুলি দাবী কৰে। সমষ্টিটোৰ প্ৰাক্তন বিধায়ক কন্দৰ্প বনিক্যৰ পুত্র হিচাপে সংখ্যালঘু ভোটাৰৰ সমৰ্থন লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।