আব্দুল বাশিদ সৰকাৰ
হাটশিঙিমাৰী
৪ নৱেম্বৰ

নিৰ্বাচন আহিল। কৰ’ণা পলাল নাই মাস্ক, নাই সামাজিক দূৰত্ব। মানকাচৰত বদৰুদ্দিন আজমলৰ নিৰ্বাচনী ৰণশিঙা। মানকাচৰত আমিনুল ইছলামৰ টিকট আনুষ্ঠানিকভাৱে ঘোষণা। বিশ্বজুৰি কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে বদৰুদ্দিন আজমাৰ সভাৰ পৰা পলাল কৰ’ণা ভাইৰাছ

সমাগত ২১ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাজ্যৰ সকলো ৰাজনৈতিক দল। এআইইউডিএফ প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল তিনিদিনীয়া ভ্ৰমণৰ অন্তত মঙলবাৰে বিয়লি মানকাচৰত বজালে আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণশিঙা।

কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ মাজতে মানকাচৰৰ কংগ্ৰেছী বিধায়ক ডাঃ মতিউৰ ৰহমান মাণ্ডলক প্ৰত্যাহ্বান জনাই বদৰুদ্দিন আজমলে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে মানকাচৰ সমষ্টিত এআইইউডিএফৰ সাংগঠনিক সম্পাদক আমিনুল ইছলামৰ নাম সমষ্টিটোৰ প্ৰাৰ্থী ৰূপে। বদৰুদ্দিন আজলমলে আমিনুল ইছলামক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক জনায় আহ্বান।

ইমানলৈকে সকলো ঠিকেই আছে যদিও বদৰুদ্দিন আজমলৰ সভাত দেখা নগ’ল কৰ’ণা সন্দৰ্ভত কোনো ধৰণৰ চৰকাৰী নীতি-নিৰ্দেশনা। সামাজিক দূৰত্ব পালন নকৰাৰ লগতে সভাখনত দেখা নগ’ল মাস্ক পৰিধান কৰা লোক। সভাত অংশগ্ৰহণ কৰা জনতাৰ কথা বাদেই দিয়ক। সভাত অংশগ্ৰহণ কৰা এআইইউডিএফৰ নেতা সকলেও পৰিধান নকৰিলে মাস্ক।

এতিয়া প্ৰশ্ন হয়। যি সময়ত সৰ্বানন্দ সোণোৱাল চৰকাৰে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰাজ্যবাসীক ৰক্ষা কৰিবলৈ স্কুল প্ৰতিষ্ঠানকে ধৰি বিভিন্ন চৰকাৰী বেচৰকাৰী কাৰ্যালয় আৰু সাধাৰণ জনতাৰ ক্ষেত্ৰতো কেতবোৰ নীতি নিয়ম বান্ধি দিছে আৰু ৰাইজেও চৰকাৰৰ নীতি নিয়মৰ শলাগ লৈছে। এনে সময়তে সাংসদ বদৰুদ্দিন আজমলৰ মানকাচৰৰ সভাৰ দৃশ্যই কি বুজায়। নিৰ্বাচন আহিল, সচাকৈয়ে পলাল নেকি কৰ’ণা ভাইৰাছ?