গুৱাহাটী, ১ জুলাইঃ অসম চৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ উদ্যোগত আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে ৬৮ সংখ্যাক বন মহোৎসৱ সপ্তাহ৷ বন মহোৎসৱ সপ্তাহৰ লগত সংগতি ৰাখি মহানগৰীৰ খানাপাৰাৰ গোলপাৰ্কত বন বিভাগৰ গুৱাহাটী বনাঞ্চলিক বিষয়া কাৰ্যালয় আৰু খানাপাৰা খণ্ড বিষয়াৰ কাৰ্যালয়ৰ সহযোগত এক বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ গুৱাহাটী বনাঞ্চলিক বিষয়া ৰঞ্জিত কুমাৰ দত্তই নাহৰ পুলি ৰোপন কৰি সপ্তাহজোৰা বৃক্ষৰোপন কাৰ্যসূচী আনুষ্ঠানিক ভাবে মুকলি কৰে৷ ইয়াৰ পিছতেই খানাপাৰা খণ্ড বন বিষয়া প্ৰাণেশ্বৰ শৰ্মাৰ নেতৃত্বত এটা দলে গোলপাৰ্কৰ চাৰিওফালে নাহৰ, দেৱদাৰু, কৃষ্ণচূড়া, বকুলকে ধৰি কেবাটাও থলুৱা প্ৰজাতিৰ সোনকালে ডাঙৰ হ’ব পৰা বৃক্ষ পুলি ৰোপন কৰে৷ গুৱাহাটী বনাঞ্চলিক বিষয়া ৰঞ্জিত কুমাৰ দত্তই জানিবলৈ দিয়া মতে বন মহোৎসৱৰ লগত সংগতি ৰাখি আগন্তুক বাৰিষাৰ সময়ত গুৱাহাটী মহানগৰৰ বনাঞ্চলৰ উপৰি পাহাৰ, ৰাজহুৱা স্থান, নদীৰ পাৰ, পথৰ দাঁতি আৰু ডিভাইদাৰ, জলাশয়ৰ পাৰকে ধৰি চৰকাৰী মাটি, শিক্ষানুষ্ঠানৰ চৌহদত বৃক্ষৰোপন কৰা হ’ব৷ বৃক্ষৰ পুলিসমূহ গৰু-ছাগলীয়ে খাব নোৱাৰাকৈ বেৰা দিয়াৰ লগতে প্ৰতিপালনৰ ব্যৱস্থা কৰা হ’ব৷ এই ক্ষেত্ৰত বন বিভাগে গুৱাহাটীৰ সকলো নাগৰিক, এনজিঅ’, স্বেচাছাসেৱী অনুষ্ঠানকে ধৰি সংশ্লিষ্ট সকলোৰে সহযোগিতা বিচাৰিছে৷