নাজিৰা, ১ জুলাইঃ নাজিৰাৰ বালিঘাট তিনিআলিত আৰক্ষীয়ে এটি চাৰিবছৰীয়া কিশোৰী উদ্ধাৰ কৰে৷ পথত অকলশৰে অনাই-বনাই ঘূৰি ফুৰা অবুজ কন্যা শিশুটোক স্থানীয় লোকে প্ৰত্যক্ষ কৰি সন্দেহৰ সৃষ্টি হোৱাত শিমলুগুৰি আৰক্ষীক অৱগত কৰে৷ আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত বিষয়া উজ্জ্বল গোস্বামীৰ নেতৃত্বত এটা দলে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ কিশোৰীগৰাকীক উদ্ধাৰ কৰে৷ আৰক্ষীৰ সোধ-পোছত কিশোৰী গৰাকীয়ে দেউতাকৰ নাম নন্দু যাদৱ বুলি জানিবলৈ দিয়ে৷ বৰ্তমান শিমলুগুৰি আৰক্ষীয়ে কণমানি শিশুটোক শিৱসাগৰৰ স্বেচ্ছাসেৱী অনুষ্ঠান স্নেহালয়ত চমজাই দিয়ে৷