নতুন দিল্লী, ১ জুলাইঃ সংসদৰ চেন্ট্ৰেল হলত মাজনিশা অনুষ্ঠিত ঐতিহাসিক অধিৱেশনত বহু প্রত্যাশিত সামগ্ৰী আৰু সেৱা কৰৰ চমুকৈ জিএছটি  ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে বুটাম টিপি মুকলি কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ৰাষ্ট্রপতি প্ৰণৱ মুখাজীয়ে। জিএছটি  ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া ভাষণত প্রধানমন্ত্রীয়ে নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ ভৱিষ্যত সলনিৰ ক্ষেত্ৰত আজিৰ দিনটাে টাৰ্ণি পইন্ট হিচাপে পৰিগণিত হ’ব৷ চেন্ট্ৰেল হলে ভাৰতৰ স্বাধীনতা আৰু সংবিধান গৃহীত হােৱাৰ দৰে দেশৰ বহু ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে জিএছটি হ’ল দেশৰ সহযোগী যুক্তৰাষ্ট্ৰৰ উৎকৃষ্ট উদাহৰণ। চাণক্যৰ উদ্ধৃতি দি মোদীয়ে কয় যে কঠোৰ পৰিশ্ৰমে সকলো বাধা অতিক্রম কৰি অতি জটিল লক্ষ্যতো উপনীত হোৱাত সহায় কৰিছে। চৰ্দাৰ পেটেলে যি দৰে দেশৰ ৰাজনৈতিক একতাৰ বাবে অহােপুৰুষাৰ্থ কৰিছিল, জিএছটিয়ে অর্থনৈতিক একতা সুনিশ্চিত কৰিব। আয়কৰৰ বিখ্যাত বিজ্ঞানী আইনষ্টাইনে পৃথিৱীৰ আটাইতকৈ দুর্বোধ্য বিষয় আখ্যা দিয়া কথাটাে সুঁৱৰি তেওঁ কয় যে জিএছটিয়ে এক-ৰাষ্ট্র এক-কৰ ব্যৱস্থা সুনিশ্চিত কৰিব। জিএছটিয়ে বহু সময় আৰু ধন ৰাহি কৰিব। ৰাজ্যসমূহৰ সীমা পাৰ হােৱাৰ সময়ত আগৰ দৰে সময় নালাগিব আৰু ইয়াৰ ফলত ইন্ধন ৰাহি হোৱাৰ লগতে পৰিৱেশতো যোগাত্মক প্ৰভাৱ পৰিব। প্রধানমন্ত্রীগৰাকীয়ে লগতে কয় যে জিএছটিয়ে এক সহজ, অধিক স্বচ্ছ তথা আধুনিক কৰ প্ৰশাসনৰ দিশেৰে বাট বুলিবলৈ সহায় কৰি দুৰ্নীতি নিৰ্মূলত সহায় কৰিব। মোদীয়ে জিএছটিক Good and Simple Tax অৰ্থাৎ সামগ্ৰী আৰু সহজ কৰ আখ্যা দি কয় যে ইয়ে দেশৰ নাগৰিকক প্ৰকৃতাৰ্থত উপকৃত কৰিব। সমাজৰ কল্যাণৰ বাবে উমৈহতীয়া লক্ষ্য, উমৈহতীয়া দৃঢ়তাৰ সাৰমৰ্ম বর্ণনা কৰিবলৈ গৈ প্রধানমন্ত্রীয়ে অনুষ্ঠানত ঋক বেদৰ এটি শ্লোকো আওৰায়। আনহাতে ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীয়ে ভাষণত কয় যে জিএছটিৰ প্ৰণয়ন দেশৰ বাবে এক ঐতিহাসিক মুহূর্ত। এয়া তেওঁৰ বাবেও আন এক সন্তুষ্টিৰ বিষয় যে বিত্ত মন্ত্ৰী হৈ থকা কালত তেওঁ ২০১১ চনৰ ২২ মাৰ্চত সংবিধান সংশোধনী বিধেয়ক খন সংসদত উত্থাপন কৰিছিল৷ তেওঁ অতি ঘনিষ্ঠভাবে সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত আছিল আৰু ৰাজ্যৰ বিত্তমন্ত্ৰীসকলৰ সংশ্লিষ্ট সমিতিৰ সৈতে ১৬বাৰতকৈও বেছি আনুষ্ঠানিকভাৱে আৰু অনানুষ্ঠানিকভাৱে মিলিত হােৱাৰ সুযোগ পাইছিল। তেওঁ গুজৰাট, বিহাৰ, অন্ধ প্রদেশ আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীসকলকো কেবাবাৰাে সাক্ষাৎ কৰিছিল। সেই সাক্ষাতৰ সময়ত আলোচিত বিভিন্ন বিষয়ৰ বহু কথা এতিয়াও তেওঁৰ মনত থকা বুলি দোহাৰে। বিষয়টােৰ বিশালতা, ইয়াৰ লগত সাংবিধানিক, আইনগত, অর্থনৈতিক আৰু প্রশাসনিক দিশৰ সংগতিলৈ চালে জিএছাটি বিষয়ত বহু অসুবিধাৰ সৃষ্টি হােৱাত আচৰিত হ’বলগা একো নাই। তথাপি, সেই সভাসমূহতেই হওঁক বা ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্রীৰ লগত হােৱা সাক্ষাততেই হওক জিএছটিক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এক দায়বদ্ধতা পৰিলক্ষিত হৈছিল৷ সেয়ে তেওঁ জিএছটি এদিন নহয় এদিন কাৰ্যকৰী হ’ব বুলি দৃঢ়বিশ্বাস আছিল। ২০১৬ চনৰ ৮ ছেপ্তেম্বৰত জিএছটি বিধেয়কখন দুয়োখন সংসদ তথা ৫০ শতাংশতকৈও অধিক সাংসদৰদ্বাৰা গৃহীত হােৱাত তেওঁৰ বিশ্বাসে ন্যাৰ্য্যতা লাভ কৰা বুলি কয়৷ ৰাষ্ট্রপতিয়ে জিএছটি এক আধুনিক বিশ্ব মানৰ তথ্য-প্ৰযুক্তি (আইটি) ব্যৱস্থাৰ জৰিয়তে পৰিচালিত হােৱাৰ সন্দৰ্ভত অৱগত কৰাৰ কথা সদৰি কৰে। ২০১০ ৰ জুলাইত নন্দন নিলেকানিৰ অধ্যক্ষতাত জি.এছটি ব্যৱস্থাৰ বাবে প্রয়োজনীয় তথ্য-প্ৰযুক্তি ব্যৱস্থাৰ উন্নয়নৰ অৰ্থে এটি শক্তিশালী গ্রুপ প্রতিষ্ঠা কৰাৰ বিষয়টোও আওৰায় ৰাষ্ট্রপতিয়ে। পৰৱর্তী সময়ত অৰ্থাৎ ২০১২ৰ এপ্রিল মাহত জিএছটিএন (জিএছিট নেটৱৰ্ক)ৰ শীৰ্ষক এই সুব্যৱস্থাক, জিএছটি ৰূপায়ণৰ বাবে চৰকাৰে অনুমোদন জনায়। সেইবাবে এইটো নিশ্চিত হৈছিল যে, যেতিয়া ইয়াৰ আইনী পৰিকাঠামো হৈছে, তেনে অৱস্থাত জিএছটি আগুৱাই নিয়াৰ ক্ষেত্ৰত কাৰিকৰী আন্তঃগাঁথনিও প্রস্তুত থকা উচিত। তেওঁ লগতে কয় যে এই ব্যৱস্থাৰ এটা প্রধান বৈশিষ্ট্য হৈছে ক্রেতাসকলে কেৱল দেনাৰ ওপৰত প্ৰদান কৰা কৰৰ বাবে তেতিয়াহে লাভান্বিত হ’ব, যেতিয়া বিক্রেতাই প্ৰকৃতাৰ্থত চৰকাৰক কৰ দিব। এজন ক্রেতাই যি ধন পৰিশোধ কৰিব সেয়া, সৎ আৰু অনুকূল বিক্রেতাৰ লগত মোকাবিলা কৰাৰ বাবে এক শক্তিশালী উদ্দীপক হিচাপে কাম কৰিব। ৰাষ্ট্রপতিয়ে লগতে কয় যে মূল্য সংযোজিত কৰ ব্যৱস্থা প্ৰৱৰ্তনৰ সময়ত হােৱাৰ দৰে জিএছটিক লৈ বহুতো বিভ্রান্তিৰ সৃষ্টি হৈছে। কোনো এটা দিশ ইতিবাচক হ’লেও, যেতিয়া এই ব্যৱস্থাৰ পৰিৱর্তন কৰা হয়, তথাপি প্ৰাৰম্ভিক অৱস্থাত কিছুমান অসুবিধা সহ্য কৰিব লগাত পৰে। এই ব্যৱস্থাই যে দেশৰ অৰ্থনৈতিক উন্নয়নত কোনো প্ৰভাৱ নেপেলায়, সেইটো সকলোৱে বুজি লোৱাৰ সমান্তৰাল ভাবে ইয়াৰ সমাধান কৰিব লাগিব। ইয়াৰ ফলপ্রসূ ৰূপায়ণৰ ওপৰতে সদায় এনে ধৰণৰ বৃহৎ পৰিৱৰ্তনৰ সফলতা নিৰ্ভৰ কৰে। অহা মাহত বর্তমানৰ দৰেই গঠনমূলক দৃষ্টিভংগীৰে জিএছটিৰ প্ৰকৃত কার্যকৰীকৰণৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি জিএছটি পৰিষদ আৰু কেন্দ্রীয় তথা ৰাজ্য চৰকাৰসমূহে যথাযথভাৱে ইয়াৰ পর্যালোচনা আৰু উন্নতি কৰিব লাগিব।