বাক্সা, সংবাদ ৩৬৫, ২১ জুলাইঃ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ নাগ্রীজুলিৰ গয়াবাৰী অঞ্চলত বৰ্তমানেও অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস। হাতীৰ উপদ্ৰৱত বিনীদ্ৰ ৰজনী কটাব লগীয়া হৈছে গয়াবাৰী অঞ্চলৰ ৰাইজ। যোৱা কিছুদিন পূৰ্বে বনৰীয়া হাতীৰ আক্ৰমনত উক্ত অঞ্চলৰ লক্ষীধৰ বৰ্মন নামৰ লোক এজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশাও প্ৰায় ৬০-৭০ টা হাতীৰ জাক এটাই গয়াবাৰী গাওঁত প্ৰৱেশ কৰি চিত কুমাৰ দাহালৰ ঘৰ দুৱাৰ ভনী পেলায় আৰু ঘৰৰ ভিতৰত থকা ষ্টীল অলমিৰা, শ্ব’ কেচ, গেছ স্তভ, ঘৰৰ পকী খুটা, বিচনা আদি ভঙাৰ উপৰিও ৪০ মোন ধান খাই তহিলং কৰে। হাতীৰ জাকটোৰ গছকত তেজ বাহাদুৰৰ ঘৰৰ এটি গৰু পোৱালি আহত হয়। হাতীৰ জাকটোৱে উক্ত গাঁৱৰে খেম বাহাদুৰ পৌৰেল, গোপী নেওপানীৰ পৰিয়ালৰ দুটাকৈ ঘৰ ভাঙি তেওঁলোকৰ ঘৰৰ ভিতৰত থকা বয় বস্তু ভাঙি পেলায় আৰু ধান চাউল খাই পেলায়। মাধৱ ছেত্ৰীৰ বাৰীৰ বহু সংখ্যক তামোল নাৰীকলৰ গছ ভাঙি পেলায়। ইয়াৰ উপিৰিও হাতীৰ জাকটোৱে শ্যাম কুমাৰ প্ৰধানৰ ঘৰৰ পৰাই ৩০০ তামোল গছ ভাঙি উপদ্ৰৱ চলায়। বনৰীয়া হাতীৰ জাকৰ আক্ৰমণৰ পৰা কথমপী প্ৰাণ ৰক্ষা কৰে পৰিয়ালৰ লোকে সকলে। উল্লেখ্য যে বিগত কিছুদিন ধৰি খাদ্যৰ সন্ধানত নিশা হলেই ভূটান পাহাৰৰ পৰা নামি অহা হাতীৰ এটা বৃহৎজাকে নাগ্ৰীজুলি অঞ্চলৰ দোঙৰগাঁও, হস্তিনাপুৰ, গয়বাৰী, নাগ্ৰীজুলি চাহ বাগিচাৰ ভিতৰত মুক্ত বিচৰণ কৰি মানুহৰ ঘৰ -দুৱাৰ ভাঙি পেলোৱাৰ লগতে খেতিবাতিৰ অনিষ্ট সাধন কৰি আহিছে ৷ কিন্তু বন বিভাগে হাতীৰ জাকটো আজি পৰ্যন্ত খেদি পঠোৱাৰ কোনো ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই ৷ যাৰ ফলত হাতীৰ আক্ৰমনত ক্ষয়-ক্ষতি হোৱাৰ লগতে নিৰীহ লোকজনে প্ৰাণ হেৰুৱাব লগীয়া হৈছে৷ তথাপি বন বিভাগৰ নির্বিকাৰ ভূমিকা পালন কৰাৰ অভিযোগ ৰাইজৰ।