নলবাৰী, সংবাদ ৩৬৫, ২১ জুলাইঃ নলবাৰী জিলাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাইকাৰকুছি চকত শুক্ৰবাৰে নিশা স্হানীয় সচেতন ৰাইজে কৰায়ত্ব কৰে বহু নিচাযুক্ত টেবলেটসহ দুই যুৱক আৰু এগৰাকী যুৱতীক৷ কৰায়ত্ব কৰা দুই যুৱক আৰু যুৱতী গৰাকীৰ পৰা বহু পৰিমানৰ নিচাযুক্ত টেবলেট উদ্ধাৰ কৰে আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে। জানিব পৰা মতে যুৱক দুজন মুকালমুবাৰ লোহাৰকঠাৰ চিৰাজ আলী(২০)আৰু সোনমনি আলী। দীৰ্ঘদিন ধৰি এই যুৱক দুজনে নলবাৰীত প্ৰায় ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল বুলি অভিযোগ উত্থািন হৈছে। জিলাখনৰ গাওঁ সমূহৰ কিশোৰ সকল নিচাত আসক্ত হোৱাত শৈক্ষিক পৰিবেশ বিনস্ত হোৱাত চিন্তিত হৈ পৰিছে সচেতন মহল ৷ এনেধৰণৰ এই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ প্ৰশাসনক আহ্বান জনায় স্হানীয় সচেতন ৰাইজে৷ আনহাতে, নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুই যুৱক সহ যুৱতীগৰাকীক আটক কৰি জেৰা অব্যাহত ৰাখিছে৷ এইখিনিতে প্ৰশ্ন হৈছে যে শেহতীয়াকৈ নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলত জিলাখনৰ বিভিন্ন স্থানত হিংসাত্মক ঘটনা বৃদ্ধি পোৱাৰ পিছতো আৰক্ষীয়ে কিয় এইসমূহ ৰোধ কৰাত ব্যৰ্থ হৈছে তাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷