বাঘবৰ, সংবাদ ৩৬৫, ১৫ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিলোচী পাথাৰ , বালাজান , সেউৰাভিটা , মৰাভাজ , সাতমুখী , সত্ৰকনৰা ১২,১৩,১৪ নং ছিটসহ আদিকে ধৰি প্ৰায় কুৰিখনৰো অধিক গাওত বেঁকী নৈৰ জলস্তৰ পুনৰ বাঢ়ি অহাৰ ফলত বানত প্লাৱিত হৈ পৰিছে অঞ্চলটো। জিলাখনৰ কেইবাটাও অঞ্চলৰ বাট-পথ বানত বুৰ যোৱাৰ ফলত বিছিন্ন হৈ পৰিছে যাতায়ত ব্যৱস্থা। ফলস্বৰূপে এলেকা সমূহৰ গঞা ৰাইজে কলগছৰ বুৰ , তুলুঙা নৌকাৰে যাতায়ত কৰিবলগীয়া হৈছে । ক্ৰমাৎ নৈখনৰ জলস্তৰ অধিক বৃদ্ধি পোৱাত আতংকিত হৈ পৰিছে নৈ-পৰীয়া ৰাইজে। ইপিনে অঞ্চল সমূহৰ পশুধন খাদ্য সংকটত পৰা সম্ভাৱনা দেখা দিয়া পৰিলক্ষিত হৈছে ।