মানিকপুৰ, সংবাদ ৩৬৫, ১৪ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ মানিকপুৰত বিগত এসপ্তাহত আই নদীৰ তীব্ৰ গৰাখহনীয়াত ৪নং ভাণ্ডাৰা, ৬নং ভাণ্ডাৰা আৰু বালাৰপেটত দৈনিক প্ৰায় ৩-৪ টাকৈ বাসগৃহ আই নদীৰ বুকুত জাহ যায় আৰু বৰ্তমানেও অব্যাহত আছে আই নদীৰ তীব্ৰ গৰাখহনীয়া। তাৰ পাছতো নীৰৱ জিলা প্ৰশাসন তথা স্থানীয় বিধায়ক আব্দুল হাই নাগৰি। সেয়ে নৈপৰীয়া ৰাইজে আই নদীৰ পাৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰ মুৰ্দাবাদ, স্থানীয় বিধায়ক আব্দুল হাই নাগৰি মুৰ্দাবাদ, জিলা প্ৰশাসন হায় হায়, গৰাখহনীয়া ৰোধৰ বাবে ব্যৱস্থা কৰক আদি শ্লোগান দি সাব্যস্ত কৰে এই প্ৰতিবাদ। নৈপৰীয়া লোক সকল ভীতিগ্ৰস্ত হৈ পৰিছে কাৰন যি হাৰত গৰাখহনীয়া হৈ আছে, হয়তো এনেদৰে হৈ থাকিলে খুব কম দিনৰ ভিতৰত ৪ নং ভাণ্ডাৰা, ৬ নং ভাণ্ডাৰা আৰু বালাৰপেটৰ কোনো ধৰণৰ চিন-মোকাম নোহোৱা হৈ যাব। সেয়েহে অতি সোনকালে আইনদীৰ এই গৰাখহনীয়া ৰোধ কৰাৰ বাবে ব্যবস্থা লবলৈ চৰকাৰ, জিলা প্ৰশাসন তথা স্থানীয় বিধায়ক আব্দুল হাই নাগৰিক দাবী উত্থাপন কৰিছে।