বাঘবৰ ৫ আগষ্টঃ বাঘবৰৰ  বিধায়ক শ্বেৰমান আলী আহমেদৰ গুণ্ডাগিৰিৰ  আৰু দুৰ্নীতিৰ প্ৰতিবাদত বাঘবৰ ৰাজহ চক্ৰত মন্দিয়া উন্নয়ন খণ্ডৰ কেবাখন পঞ্চায়তৰ তিনি শতাধিক লোকে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্ভুক্ত মন্দিয়া, সত্ৰকনৰা, কদমতলা, ধৰ্মপুৰ ভাইতনাপেইতি, বাঘমাৰা, সোনাবাৰি বাড়ীকে ধৰি প্ৰায় ১৯ খন গাওঁ পঞ্চায়তৰ এমজিএনৰেগা আৰু এমএলএএডি আঁচনিৰ পুঁজি বিধায়কে আত্মসাৎ কৰাৰ অভিসন্ধি ৰচনা কৰাৰ অভিযোগ উঠিছে৷ ধৰ্মপুৰ ভাইতাপাইতি গ্ৰাম ৰোজগাৰ সহায়ক মহিদুল ইছলামে এই দুৰ্নীতিৰ লগত আপোচ নকৰাত বিধায়ক শ্বেৰমানে মহিদুলক শাৰিৰীক ভাবে প্ৰহাৰ কৰে৷ আনহাতে মন্দিয়া আৰক্ষী চকীত গোচৰ ৰুজ কৰাৰ পিছতো বৰ্তমানলৈ দোষীক কৰায়ত্ত নকৰাত প্ৰতিবাদকাৰীসকলে কঠোৰ ভাষাৰে সমালোচনা কৰে৷ উত্তেজিত জনতাই বাঘৰৰ বিধায়কৰ তৎপৰতাত চলা দুৰ্নীতিৰ প্ৰতিবাদত মন্দিয়াৰ পৰা বাঘবৰ ৰজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াই বাঘবৰৰ বিধায়কৰ গুণ্ডাগিৰি বন্ধ কৰক, শ্বেৰমান আলী গো বেক, শ্বেৰমান আলীক শাস্তি দিয়ক, বিধায়ক দুৰ্নীতি বন্ধ কৰক আদি শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰী সকলে বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে সমগ্ৰ ঘটনাৰ তদন্তৰ কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীতয বাঘবৰ ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে।