বাঘবৰ আগষ্টঃ বাঘবৰত মমৰ পোহৰেৰে চলিছে চিকিৎসালয়৷ নিশা বিদ্যুত নথকাত মমৰ পোহৰেৰে ৰোগীক চিকিৎসা সেৱা আগবঢ়াবলগীয়া হৈছে চিকিৎসকে৷ প্ৰাপ্ত তথ্য মতে, বাঘবৰৰ একমাত্ৰ মন্দিয়া আদৰ্শ চিকিৎসালয়ৰ অৱস্থা অতি পুতৌজনক৷ নিশা চিকিৎসালয়লৈ ৰোগী আহে যদিও বিদ্যুত নথকাত ৰোগীৰ আত্মীয়ই কিনি দিয়া মমেৰে চিকিৎসকে সেৱা আগবঢ়াব লগীয়া হৈছে৷ চিকিৎসালয়খনত বিকল্প বিদ্যুতৰ মেচিন (দিজি) আছে যদিও তাৰ অৱস্থা শোচনীয়৷ ফলত গৰমত আত্মীয়ই বিচনীৰে ৰোগীক বতাহ দিবলগীয়া হৈছে৷ ঠিকাভিত্তিত মন্দিয়া এলেকাৰ বিদ্যুতৰ দায়িত্ব পোৱা মুন এজেঞ্চিৰ দায়িত্বহীনতা আৰু মইমতালিৰ বাবে বাঘবৰৰ জনতাই দুৰ্ভোগ ভূগিবলগীয়া হৈছে৷ মুন এজেঞ্চিয়ে কৰ্তব্য পালন নকৰাকৈ সঠিক বিদ্যুত বিল দিয়াৰ ক্ষেত্ৰতো ব্যাপক খেলিমেলি কৰাৰ অভিযোগ উঠিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু শক্তি বিভাগৰ এনে পয়ালগা অৱস্থাই পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ এক নতুন অধ্যায় নেকি বুলি বাঘবৰৰ জনতাই প্ৰশ্ন কৰিছে৷