ৰঙিয়া, ৫ আগষ্টঃ ৰঙিয়াৰ এজন প্ৰতিভা সম্পন্ন ছাত্ৰ। ৰঙিয়াৰ হীৰাগাটা এম ই স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰজনে চমৎকাৰী উদ্ভাৱনী কাৰ্যৰ দ্বাৰা স্বপ্ৰতিভাৰে উজ্বলিছে। ছাত্ৰজনে সাজি উলিয়াইছে ৰিম’ট চালিত গাড়ী, ভাইব্ৰেচনযুক্ত বৈদ্যুতিক ফণী, পানী উঠোৱা মটৰ, বৈদ্যুতিক যন্ত্ৰ চালিত যঁটৰ,  নাইকৰ টুপী আৰু জোতাৰ লগতে পেলনীয়া বস্তুৰে বিভিন্ন ধৰণৰ গৃহ সজ্জাৰ সামগ্ৰী। ছাত্ৰজনৰ নাম ৰাজ প্ৰতিম৷ বাৰ বছৰীয়া ৰাজ প্ৰতিমে দোকানৰ পৰা ক্ৰয় কৰা এখন খেলনা গাড়ীৰ পৰা ডিএছএনজি ভেন নিৰ্মাণ কৰি উলিয়াইছে। একেদৰে নিজৰ উদ্ভাৱনী চিম্তাৰে পানী উঠা মটৰ সাজি পানী উঠোৱা কাৰ্য্যত সফল হৈছে ৰাজ। ৰাজৰ মাকৰ আছে এখন তাঁতশাল৷ তাঁতশালত সহায়ক হোৱাৰ বাবে ৰাজে সাজি উলিয়াইছে বৈদ্যুতিক যঁটৰ। বৈদ্যুতিক যঁটৰটোৰে অতি কম সময়ত বনাব পাৰি মহুৰা। ভনীয়েকৰ বাবে সাজি উলিয়াইছে বিদ্যুৎ চালিত ভাইব্ৰেচনযুক্ত বৈদ্যুতিক ফণী। ফণীখনেৰে চুলি ফণিওৱাৰ লগতে মূৰৰ মালিচো কৰে। ৰাজে প্ৰস্তুত কৰা প্ৰায়কেইটা উদ্ভাৱনী যন্ত্ৰ বিদ্যুৎ আৰু মোবাইলৰ দ্বাৰা পৰিচালিত হয়। দৰিদ্ৰ পৰিয়ালৰ প্ৰচুৰ প্ৰতিভা সম্পন্ন ৰাজ প্ৰতিমৰ আছে আন এক সুন্দৰ নিচা। ছবি অংকন কৰি ভাল পোৱা ৰাজে নিজ ঘৰতে চলাই আছে এখন চিত্ৰাংকন বিদ্যালয়৷