তেজপুৰ, সংবাদ ৩৬৫, ৬  জুলাইঃ বছৰ বছৰ ধৰি উন্নয়নৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিল। পোন্ধৰ বছৰীয়া কংগ্ৰেছ শাসনৰ পিছত সোণোৱাল চৰকাৰ গঠন হ’ল। পৰিৱৰ্তনকামী চৰকাৰখনেও একেটাই ৰূপ দেখুৱালে জনসাধাৰণক। উন্নয়নৰ দুবছৰ উকলি গ’ল, তথাপিও উন্নয়নৰ মুখ নেদেখিলে সাংস্কৃতি নগৰী তেজপুৰৰ দোলাবাৰী অঞ্চলৰ ৰাইজে।অসমৰ ইটোৰ পিছত সিটো সমষ্টি উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে কিন্তু তেজপুৰ সমষ্টি উন্নয়নৰ স্তব্ধ। দোলাবাৰী গাও পঞ্চায়তৰ কাৰ্য্যালয়ৰ পৰা এশ মিটাৰ নিলগত অৱস্থিত কাঠৰ দলংখন। দলংখনৰ মধ্যভাগত সৃষ্টি হৈছে একোটা বৃহৎ ফাঁক , কাঠ বোৰ পচি জহি খহি যাবলৈ ধৰিছে। অতি বিপদ সংকুল ভাবে দলং খনৰে যাতায়ত ব্যৱস্থা কৰিবলগীয়া হৈছে অঞ্চলটোৰ পাচখন গাঁৱৰ ৰাইজে। এইক্ষেত্ৰত ৰাইজে তেজপুৰৰ স্থানীয় বিধায়কক ৰাইজে বহু অনুৰোধ কৰিছে যদিও দলংখনৰ ক্ষেত্ৰত পঞ্চায়তৰ সচিব , বিষয়া আৰু সমষ্টিৰ বৰমূৰীয়াজনো নিমাত। তেখেতসকল অচল মুদ্ৰাত পৰিণত হোৱা পৰিলক্ষিত হৈছে। দলংখনৰ মেৰামতিৰ কাম অনতিপলমে নকৰিলে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হব পাৰে বুলি ৰাইজ শংকিত হৈ পৰিছে।