জোনমণি বেগম

বিশ্বনাথ

২০ মে’

বৰ্তমান সমগ্ৰ দেশতে চলি থকা ক’ভিড ত্ৰাসৰ পৰিপ্ৰেক্ষিতত স্তদ্ধ হৈ পৰিছে দেশৰ অৰ্থনৈতিক দিশ৷ ক’ভিডৰ দ্বিতীয়টো ঢৌ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে দৈনিক সলনি কৰিছে নীতি-নিৰ্দেশনা৷ নিতৌ সলনি হৈছে ক’ভিড পৰিস্থিতিৰ দৃশ্যপট৷ দেশৰ কেইবাখনো ৰাজ্যত ঘোষণা কৰা হৈছে লকডাউন, অৰ্ধ-লকডাউন, সান্ধ্য আইনৰ দৰে কঠোৰ নিৰ্দেশনা৷ ফলত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হ’ব লগা হৈছে দৰিদ্ৰ শ্ৰেণীৰ লোকসকল৷

অসমতো এতিয়া ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। ইতিমধ্যে ৰাজ্যজুৰি দিনৰ ১২ বজাৰ পৰা ঘোষণা কৰা হৈছে সান্ধ্য আইন। শুকুৰবাৰৰ পৰা বন্ধ হৈ পৰিব আন্তঃজিল যাতায়ত। মুঠতে লকডাউন নহ’লেও ৰাজ্যত এতিয়া অৰ্ধ-লকডাউনৰ পৰিৱেশ আৰু এই অৰ্ধ-লকডাউন তথা সান্ধ্য আইনৰ বাবেই পথাৰতে বিঘাই বিঘাই গেলিব ধৰিছে কুইন্টলে কুইন্টলে তৰমুজ৷ ফলত মূৰে-কপালে হাত দিব লগা অৱস্থা হৈ পৰিছে দৰিদ্ৰ কৃষক সকলৰ।

বিশ্বনাথ নগৰৰ পৰা ৪০ কিলোমিটাৰ উত্তৰে অসম-অৰুণাচলৰ সীমামূৰীয়া অতি দূৰ্গম অঞ্চল চুবাইজাৰ গাঁৱৰ দুই শিক্ষিত নিবনুৱা যুৱক ৰঞ্জন ৰামচিয়াৰী আৰু তেওঁৰ ভাতৃয়ে অতি কষ্টৰে গাঁঠিৰ ধন ভাঙি দহ বিঘা ভূমিত তৰমূজ খেতি কৰিছিল কিন্তু শেহতীয়া ক’ভিড পৰিস্থিতিৰ ফলশ্ৰুতিত বিগত বৰ্ষৰ দৰে এই বৰ্ষটো যুৱক দুজনে বিক্ৰী কৰিব নোৱাৰিলে পথাৰৰ তৰমূজ। বৰ্তমান যুৱক দুজনৰ চকুৰ সমূখতে বিঘাই বিঘাই গেলিব ধৰিছে তৰমুজসমূহ আৰু এতিয়া তাৰ বাবেই হতাশাত ভূগিব লগীয়া হৈছে কৃষকদ্বয়৷ ভাঙি ছাৰ-খাৰ হৈ পৰিছে দুয়োৰে সপোনবোৰ৷

খেতি কৰা উদ্যমখিনি শেষ হৈ যোৱা যেন অনুভৱ হৈছে কৃষক ভাতৃদ্বয়ৰ৷ সকলো ধৰণৰ খেতি যেনে কবি, জলকীয়া, বিলাহী, ফল, ষ্ট-বেৰী, উচ্চ জাতৰ বগৰী আদি খেতি কৰা এই দুই কৃষকে চৰকাৰী সকলো আঁচনি আৰু সুবিধাৰ পৰাও বঞ্চিত হৈ আহিছে বুলি অভিযোগ কৰে৷ গ্ৰাম সেৱকৰ পৰা কৃষি বিভাগৰ দুৱাৰত টুকুৰিয়াইও এই দুই কৃষকে কোনো ধৰণৰ সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দিয়ে ৷ এতিয়া মাথোঁ আশা, চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিব যাতে অদূৰ ভৱিষ্যতে দুই কৃষক ভাতৃয়ে পুনৰোদ্যমেৰে কৃষি কৰ্মত নিয়োজিত হৈ নিজৰ লগতে আন দহজনকো সংস্থাপিত কৰিব পাৰে।