তিতাবৰ, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰী: বিষাক্ত সুৰা সেৱনৰ ফলত পুৰুষ-মহিলাকে ধৰি শতাধিক লোকৰ মৃত্যু হোৱাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে যোৰহাট আৰু গোলাঘাটত পৰিস্থিতিৰ বুজ লৈ উপস্থিত হয় নিজ সমষ্টি তিতাবৰত। । সংবাদ মাধ্যমৰ আগত এই ঘটনাৰ বাবে বিজেপি চৰকাৰক দায়ী বুলি কৈ কয় যে দুৰ্নীতি মুক্ত কৰিম বুলি কোৱা চৰকাৰখন আচলতে আটাইতকৈ বেছি দুৰ্নীতি কৰা চৰকাৰ। এই ঘটনাই ইয়াকেই প্ৰতিফলিত কৰিছে। যদি দুৰ্নীতি নাই তেনেহলে কেনেদৰে এইধৰণৰ বেহা চলিল।

সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে এইবুলিও কয় যে এই চৰকাৰ অহাৰ ফলত য’তে ত’তে মদৰ দোকানৰ লাইচেন্স দিবলৈ ললে। য’তে ত’তে মদৰ দোকান খুলি খোলা-খুলিকৈ মদ কিনিব পৰা হৈছে। কিমানে আজি এই ঘটনাৰ ফলত মাক-দেউতাকক হেৰুৱাই দিশহাৰা হ’ল,কিমানৰ ঘৰ ধ্বংস হ’ল। এই ঘটনাৰ বাবে চৰকাৰে যিমান সতৰ্কতা লব লাগিছিল সেইয়া দেখা পোৱা নাই।

আনহাতে, পৰিমল শুক্লবৈদ্য আৰু হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গগৈয়ে কয় যে শুক্লবৈদ্য এটা পুতলা মিনিষ্টাৰ। উঠ বুলি ক’লে উঠে, বহ বুলি ক’লে বহে। ইফালে হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কয় যে বিত্ত মন্ত্ৰীয়ে মদ বিক্ৰী কৰা,মূল টকা-পইছা সংগ্ৰহ কৰি গৰ্ব কৰি কয় যে ময়েই বেছি টকা সংগ্ৰহ কৰিছোঁ। মানুহ মাৰিবলৈ টকা সংগ্ৰহ কৰিছা নিকি? মানুহৰ মৃত্যু হোৱা এই আঁচনি আমি বিচৰা নাই।

শতাধিক মানুহৰ মৃত্যু হোৱা এনে ঘটনা অবৰ্ণনীয় আৰু এনে ঘটনা আমি প্ৰথম দেখা পাইছোঁ বুলি কৈ লগতে কয় যে মদৰ পৰা আমি আচলতে পৰিত্ৰাণহে পাব লাগিছিল কিন্তু বিজেপি চৰকাৰ অহাৰ পাছৰ পৰাই মদাহী বাঢ়িলহে। তেওঁলোকে মদ নিবাৰণ কৰাৰ পৰিবৰ্তে মদ বিক্ৰী কৰি ৰাজহ সংগ্ৰহ কৰাহে আঁচনি ল’লে আৰু যাৰ ফলত চুলাই মদকে ধৰি ড্ৰাগছৰ ব্যৱসায়ী বাঢ়ি গৈছে।

বিজেপি চৰকাৰে পদত্যাগ কৰা উচিত বুলি কৈ গগৈয়ে কয় গোলাঘাটত চুলাই-মদৰ বেহা-বেপাৰ বাঢ়ি যোৱাৰ বাবে গোলাঘাট ৰ বহুলোকে বিশেষকৈ মহিলাসকলে ডেপুটি কমিছনাৰৰ ওচৰত স্মৰকপত্ৰ প্ৰদান কৰা স্বত্বেও চৰকাৰে কোনো গুৰুত্ব নিদিলে। নিমাত থাকিল চৰকাৰ আৰু যাৰ অৱহেলাৰ ফলতেই এই ঘটনা ঘটিবলৈ পালে। এই সমগ্ৰ ঘটনাৰ জুধিচিয়েল এনকুৱাৰী কৰক বুলি তেখেতে সংবাদ মাদ্যমৰ আগত মন্তব্য কৰে ।