টীয়ক, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰী: বিষাক্ত সুৰা সেৱনৰ ফলত শতাধিক লোকে মৃত্যুক সাৱটি লোৱাৰ পাছত টীয়কৰ হাতীগড়ত ব্যৱসায়ীৰ গুদামত ওলাইছে বৃহৎ পৰিমাণৰ লালি গুৰ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যৰ তৎপৰতাত এই কথা পোহৰলৈ আহিছে।

থলুৱা বিষাক্ত সুৰা সেৱনৰ ফলত শতাধিক লোকৰ মৃত্যুৰ পাছতেই লালি গুৰ বিক্ৰীৰ ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসনে ইতিমধ্যে জাৰি কৰিছে ১৪৪ ধাৰা । ইয়াৰ পাছতেই অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে একাংশ জাতীয় সংগঠন । ৰাজ্যত শতাধিক ব্যক্তিৰ জীৱনলৈ মৃত্যু মাতি অনা থলুৱা সুৰা প্ৰস্ততকৰণত ব্যৱহাৰ হোৱা শ শ লালি গুৰৰ বস্তা ওলাইছে যোৰহাট জিলাৰ টীয়কৰ হাতীগড়স্থিত মহেশ বেৰিয়া নামৰ এজন ব্যৱসায়ীৰ গুদামত ।

উল্লেখযোগ্য যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূব যোৰহাট আঞ্চলিকে নিজাববীয়াকৈ চলোৱা এক তদন্তত যোৰহাট জিলাৰ টীয়কৰ হাতীগড়ত অৱস্থিত ব্যৱসায়ী মহেশ বেৰিয়াৰ গুদামত মজুত ৰখা বৃহৎ পৰিমাণৰ লালী গুৰ পোহৰলৈ আহিছে। পশু খাদ্যৰ নামত অনুজ্ঞাপত্ৰ উলিয়াই অধিক মুনাফাৰ আশাত একাংশ অসাধু ব্যৱসায়ীয়ে বিলাই আহিছে বৰবিহ সদৃশ লালী গুৰ।

ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূব যোৰহাট শাখাৰ সংগঠনটোৱে নিজাববীয়াকৈ চলোৱা তদন্তত এই ঘটনা পোহৰলৈ আনি অৱগত কৰিছে জিলা প্ৰশাসনক। আনহাতে, ৭ ঘণ্টাৰ ভিতৰত এই বৰবিহ নষ্ট নকৰিলে পথ অৱৰোধ কৰাৰ হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূব যোৰহাট সমিতিয়ে।