চিৰাং

৩১ অক্টোবৰ

বিটিআৰ চুক্তি সাল-সলনি নকৰিলে বড়ো ভূমিত বড়ো আৰু অবড়োৰ মাজত সংঘাত নিশ্চিত বুলি বিস্ফোৰক মন্তব্য হাগ্ৰামা মহিলাৰীৰ। বিটিআৰ শান্তি চুক্তিকাৰী সকলে ৰঞ্জন দৈমাৰীক ইউজ এণ্ড থ্ৰো কৰিলে বুলি মন্তব্য অঞ্জলি দৈমিৰীৰ।

কৰ’ণা মহামাৰীৰ বাবে স্থগিত হৈ থকা বিটিচি পৰিষদীয় নিৰ্বাচন অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত অনুষ্টিত হ’ব। নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ বাকী থকাত সকলো কভিড প্ৰতিৰোধি নিৰ্দেশনা অমান‍্য কৰি হেজাৰ হেজাৰ লোকৰ উপস্থিতিত অনুষ্টিত হৈ আছে বিটিচিৰ বিভিন্ন ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী সভা। বিটিচিৰ নিৰ্বাচনী ধুমুহাত যেন অস্থিত্বহীন হৈ পৰিছ কভিড। শনিবাৰে কভিডৰ বাবে চিৰাং জিলাৰ এখন ব‍্যাক্তিগত খণ্ডৰ চিকিৎসালয় কন্টেইনমেন্ট জ’ন হিচাপে জিলা প্ৰশাসনে ঘোষণা কৰাৰ মাজতে চিৰাংত হেজাৰ হেজাৰ লোকৰ উপস্থিতিত নিৰ্বাচনী সভা অনুষ্টিত কৰাৰ যেন অঘোষিত প্ৰতিযোগিতাহে আৰম্ভ হৈছে।

শনিবাৰে চিৰাং জিলাৰ ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্ঠিৰ অন্তৰ্গত ৰুনিখাতা থাইকাঝোৰাত বিপিএফ দলৰ এক বৃহৎ জনসভা অনুষ্টিত হয় বিটিচিৰ প্ৰাক্তন উপ মুখ‍্য তথা বিপিএফৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীৰ সমৰ্থনত। জনসভাত হাগ্ৰামা মহিলাৰীৰ লগতে উপস্থিত থাকে অঞ্জলি দৈমাৰী। হাগ্ৰামা মহিলাৰীয়ে সভাত ভাষণ প্ৰদান কৰি কয় যে খাম্পা বৰগয়াৰীয়ে বিপূল ভোটত জয়ী হৈ আকৌ উপ মুখ‍্য হ’ব। হাগ্ৰামা মহিলাৰীয়ে লগতে কয় যে বিটিআৰ চুক্তিৰ দফা সমুহ যদি সংশোধন কৰা নহয় তেন্তে বড়ো ভূমিত বড়ো আৰু অবড়োৰ মাজত সংঘাত হোৱাটো নিশ্চিত। সেয়ে বিটিআৰ চুক্তিৰ দফা সমুহ সংশোধন কৰাৰ প্ৰয়োজন আছে আৰু বিটিচিৰ পৰা এটাও গাঁও কৰ্তন নহয় বুলিও মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে। সকলো দলে বিটিচি দখলৰ কথা কলেও একো নাই বিপিএফ দলে একক সংখ‍্যা গৰিষ্টতাৰে পৰিষদ গঠন কৰিব। আমি এতিয়াহে প্ৰচাৰ আৰম্ভ কৰিছো, নির্বাচনী সভাত জনসমাগম আৰু অধিক হ’ব বুলি হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰে।

সভাত খাম্পা বৰগয়াৰীয়ে কয় যে বিশ্বজিত দৈমাৰীৰ বিষয়ে মই সচা কথা কৈছিলোঁ মই কোনো কাজিয়া কৰা নাই। আজি আপোনালোকে চাওক আমি বিগত সময়ত কাম কৰিছো নে নাই। অসম চৰকাৰে কোনো কাম কৰা নাছিল এই অঞ্চলৰ। আমি বিটিচি হোৱাৰ পিচতহে সকলো কাম কৰিছো। উগ্ৰপন্থী সমস‍্যাৰ বাবে এতিয়াও বহু কাম কৰিবলৈ ৰৈ গৈছে যি সমুহ এতিয়া কৰিব লাগিব। অসমৰ বুদ্ধিজীৱী সকলে ইয়াত বিশ্ববিদ্যালয় বা চি আই টি বনোৱাৰ কথা কোৱা নাছিল। আমি মুৰ্খ বিএলটি সকলেহে ইয়াত উচ্চ শিক্ষানুষ্টান কৰিছো। আমি বনোৱা শিক্ষানুষ্টানত পঢ়ি আজি এবছু-ইউপিপিএল নেতাই আজি আমি কাম কৰা নাই বুলি সমালোচনা কৰিছে বুলি কয় খাম্পা বৰগয়াৰীয়ে।

অনুষ্টানত উপস্তিত থাকি বড়ো অমেন জাষ্টিচ ফৰামৰ সভানেত্ৰী অঞ্জলি দৈমাৰীয়ে কয় যে আমি সময় মতেই নিৰ্বাচন বিচাৰিছিলো। এতিয়া ডিচেম্বৰত নিৰ্বাচন হোৱাৰ কথা শুনি ভোটাৰৰ মাজত উৎসাহ বৃদ্ধি পাইছে। সেয়ে বিপিএফৰ সভাত হেজাৰ হেজাৰ মানুহ গোট খাইছে। অঞ্জলি দৈমাৰীয়ে।আৰু কয় যে এনডিএফবি’ৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী ওৰফে ডি আৰ নেব্লাক বিটিআৰ শান্তি চুক্তিকাৰী সকলে ইউদ এণ্ড থ্ৰো কৰিলে। হয়তো তেঁও নহলে শান্তি চুক্তি নহয় বাবেই তেওঁক ওলিয়াই আনি চুক্তি স্বাক্ষৰ কৰাৰ পিচতে আকৌ জেলত সোমালে। নিয়ম অনুসৰি সকলো গোচৰ ওঠাই আনিহে শান্তি চুক্তি কৰিব লাগিছিল। যিটো নকৰিলে বাবেই আজি তেওঁ জেলত থাকিব লগীয়া হ’ল। এয়া অতিকে দুৰ্ভাগ‍্যজনক। কাৰ ষড়যন্ত্ৰত তেওঁ এতিয়াও জেলত সেয়া লাহে লাহে সকলো স্পষ্ট হৈ আহিছে বুলিও কয় অঞ্জলি দৈমাৰীয়ে।