মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও 

২ নবেম্বৰ

বিটিচি’ৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ ব্লক বিপিএফ মহিলা মঞ্চৰ উদ্দোগত মহিলা সৱলীকৰণ সমাৰোহ। বিটিচি’ত শান্তি প্ৰতিষ্ঠিত কৰিব পাৰিব বিপিএফ দলে অন্য দলে নোৱাৰে দাবী বেগম আকতাৰাৰ।

বিটিচি’ত একমাত্ৰ বিপিএফ দলেই শান্তি প্ৰতিষ্ঠিত কৰিব পাৰিব৷ তাৰ বাহিৰে অন্য কোনো দলে নোৱাৰে বিটিচি’ত শান্তি প্ৰতিষ্ঠিত কৰিব। বিটিচি’ত ইউপিপিএল দল চৰকাৰত আহিলে অশান্তি হে হ’ব৷ কাৰণ ইউপিপিএল দলে খাচ মাটিত বসবাস কৰা লোকক উচ্ছেদ কৰিব৷ তেতিয়াই বিটিচি’ত অশান্তিৰ কাৰক হৈ থিয় দিব৷ বিপিএফ মহিলা মঞ্চৰ কেন্দ্ৰীয় সম্পাদিকা তথা ২০ নং মথোনগুৰী সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী বেগম আকতাৰা আহামেদে মন্তব্য।

শ্ৰীৰামপুৰ সমষ্টিৰ ব্লক বিপিএফ মহিলা মঞ্চৰ উদ্দোগত তেলিপাৰাস্থিত বিপিএফ দলৰ ব্লক কাৰ্যলয়ৰ প্ৰাংগনত অনুষ্ঠিত হোৱা মহিলা সমাৰোহত মহিলা মঞ্চৰ কেন্দ্ৰীয় সম্পাদিকা বেগম আকতাৰাই অংশ গ্ৰহন আৰু কয় যে বিপিএফ দলে খাচ মাটিত বসবাবাস কৰা লোকক মাটিৰ পট্টা দিয়াৰ বাবে সদায় প্ৰস্তুত৷ বিটিচি’ৰ সকলো জনগোষ্ঠীৰ মংগল কামনা কৰা দল যদি আছে সেয়া বিপিএফ দল৷ নাৰী সকল দেশৰ শক্তি সেইহে নাৰী সকলক সৱলীকৰণত বিপিএফ দলে গুৰুত্ব প্ৰদান কৰিছে৷ নাৰী সকলৰ বাবে আঁচনি হাতত লৈছে বিপিএফ দলে৷ শ্ৰীৰামপুৰ সমষ্টিত ৰাইজে অন্য দলক ভোট প্ৰদান কৰাৰ সলনি বিপিএফ দলৰ প্ৰাৰ্থী আব্দুল খালেক মণ্ডলক ভোট দি জয় যুক্ত কৰি বিটিচি’ৰ উন্নয়ত প্ৰতিজন নাগৰিকে অংশীদাৰ হওক৷ সাংসদ নৱ শৰণীয়া আৰু ইউপিপিএল’ৰ প্ৰমোদ বড়ো দুগৰাকী নেতাই অন্যৰ ভাল কামৰ প্ৰংশসা কৰিব শিকা নাই৷ অকল বদনাম মিথ্যা ৰটৱাত পাকৈত এই দুই নেতা বুলিও মন্তব্য কৰি প্ৰমোদ বড়ো আৰু নৱ শৰণীয়াক সমালোচনা কৰি ৰাইজক ভোট দিয়াৰ ক্ষেত্ৰত এশ বাৰ ভাবি ভোট দিয়ৰ বাবে আহ্বান জনায় বেগম আকতাৰাই।

বিটিচি’ৰ ৰাইজৰ বাবে বিপিএফ দলে সুখে-দুখে সদায় সংগ দিয়া দল, এনে হেন দলক ভোট নিদি অন্য দলক ভোট দিয়া মানে নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ’ব৷ বিপিএফ দলৰ মহিলা মঞ্চৰ কেন্দ্ৰীয় সংগঠনিক সম্পাদিকা তিৰুলতা লাক্ৰাই পৰিচালনা কৰা সভাত বিপিএফ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰফিক আহামেদে কয় বিপিএফ দলৰ হাগ্ৰামা মহিলাৰীৰ উদাৰতা আৰু মানৱতা দেখি অবড়ো সুৰক্ষা সমিতি ত্যাগ কৰি বিপিএফ দলত যোগদান দিছো৷ সাংসদ নৱ শৰণীয়াৰ বড়ো-অবড়োৰ নিকৃষ্টমানৰ ৰাজনীতিৰ পাশাখেলেত আমি ৫০ বছৰ পিছুৱাই গৈছো৷ শৰণীয়াৰ মিছলীয়া ৰাজনীতিত ধাৱলি নেমেলিবলৈ আহ্বান জনায় নেতা গৰাকীয়ে৷ আহামেদে ইউপিপিএল দলৰ প্ৰমোদ বড়োকো ক্ষুৰধাৰ সমালোচনা কৰে।

সভাত মহিলা মঞ্চৰ সম্পাদিকা দীপ্তি ৰায়, বিপিএফ দলৰ কেন্দ্ৰীয় সদস্য আনোৱাৰ হুছেইন শ্ৰীৰামপুৰ সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী আব্দুল খালেক মণ্ডল আদিয়ে বিপিএফ দলক ভোট দিয়াৰ বাবে উপস্থিত পুৰুষ মহিলা সকলক আহ্বান জনায়। সমাৰোহত প্ৰায় দুই হেজাৰ পুৰুষ-মহিলাই উপস্থিত থকাৰ উপৰি বিপিএফ দলৰ ভালে সংখ্যক নেতা-নেএীও উপস্থিত থাকে৷