আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২ নৱেম্বৰ

ম্যাদ ওকলা ঔষধ বিক্ৰীক লৈ শিৱসাগৰৰ প্রগতি নার্ছিং হোমত তীব্ৰ উত্তেজনা। ভূক্তভোগী ৰোগীৰ আত্মীয়ৰ সদৰ থানাত এজাহাৰ দাখিল৷ দণ্ডাধীশৰ অভিযানত পোহৰলৈ আহিল বিস্ফোৰক অনিয়ম।

শিৱসাগৰ নগৰৰ সমীপৰ চেঙনিকটীয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ প্রগতি নার্ছিং হোমত ম্যাদ ওকলা ঔষধ বিক্ৰীক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ হঠাৎ অসুস্থ হৈ পৰা এগৰাকী ৰোগীক ম্যাদ ওকলা ঔষধ প্ৰদাণ কৰাক লৈ প্ৰগতি নাৰ্চিং হোমত সৃষ্টি হয় উত্তেজনাৰ৷

ঘটনাৰ বিৱৰণী মতে, ডিমৌৰ দিহাজানৰ মফিদা বেগম নামৰ এগৰাকী মহিলা হঠাৎ অসুস্থ হৈ পৰাত মহিলা গৰাকীক চিকিৎসা প্ৰদান বাবে পৰিয়ালৰ লোকে প্রগতি নার্ছিং হোমৰ চিকিৎসকৰ কাষ চাপে। চিকিৎসকে মফিদা বেগমৰ স্বাস্থ্য পৰীক্ষা কৰি কেইবাটাও ঔষধ লিখি দিয়াত চল্লিশ বছৰীয়া মফিদা বেগমৰ স্বামীয়ে প্রগতি নার্ছিং হোমৰ নিজৰ ফাৰ্মেচীৰ পৰা ক্ৰয় কৰে পত্নীৰ বাবে ঔষধ। ইয়াৰ পিছতে মফিদা বেগমে টেবলেট সেৱন কৰিবলৈ লওঁতে দেখা পায় টেবলেটবোৰ গলি যোৱা ধৰণৰ।মফিদা বেগমৰ স্বামীয়ে টেবলেটবোৰ ভালদৰে পৰীক্ষা কৰাত ধৰা পৰে যে জুলাই মাহতে ম্যাদ ওকলি যোৱা টেবলেট বিক্ৰী কৰা হৈছে। ঘটনাৰ খবৰ পাই জিলা প্ৰশাসন, দণ্ডাধীশ পংকজ বৰা প্ৰগতি নাৰ্ছিং হোমত উপস্থিত হৈ ফাৰ্মাচীখনৰ পৰা বহু সংখ্যক ম্যাদ ওকলা ঔষধ জব্দ কৰে।

ইফালে প্ৰগতি ফাৰ্মাচীৰ ভিতৰত দণ্ডাধীশে বিচাৰি নাপালে কোনো অনুজ্ঞাপত্ৰ ধাৰী ফাৰ্মাচিষ্টক৷ ইয়াৰে বিপৰীতে দণ্ডাধীশে ফাৰ্মাচীত সজাই থোৱা এখন ম্যাদ ওকলা অনুজ্ঞাপত্ৰহে উদ্ধাৰ কৰে৷ আনহাতে, আপাতকালীন সময়ত চিকিৎসকৰ অনুপস্থিতৰো অভিযোগ উৎথাপিত হৈ আহিছে প্রগতি নার্ছিং হোমৰ বিৰুদ্ধে। ইতিমধ্যে ভূক্তভোগী ৰোগীৰ আত্মীয়ই শিৱসাগৰ জিলা উপায়ুক্তক অভিযোগ দাখিল কৰাৰ লগতে সদৰ আৰক্ষী থানাত প্ৰগতি নাৰ্ছিং হোমৰ বেআইনী কাৰ্যৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে৷

নিশা ৯ বজাতেই নাৰ্ছিং হোমৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি জৰুৰী চিকিৎসা সেৱাৰ বঞ্চিত কৰা প্ৰগতি নাৰ্ছিং হোমৰ পদুলীতেই বিগত সময়ত বহু কেইগৰাকী ৰোগীৰ কৰুণ মৃত্যু ঘটাৰো অভিযোগ উত্থাপিত হৈছে৷ তেনেস্থলত ভাৰতীয় স্বাস্থ্য সেৱা বিভাগে ৰূপায়ন কৰা সকলো নীতি নিয়মৰ লগতে স্বাস্থ্য সুৰক্ষা আইণ ভূলুণ্ঠিত কৰা প্ৰগতি নাৰ্ছিং হোমৰ বিৰুদ্ধে স্বাস্থ্য বিভাগ, প্ৰশাসন আৰু চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব৷