ফজলুৰ ৰহমান

সোণতলী

২ নৱেম্বৰ

২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে কামৰূপ জিলাৰ ৪৮ নং বকো সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। অন্যান্য ৰাজনৈতিক দল সমূহৰ সমান্তৰালকৈ কংগ্ৰেছৰ দখলত থকা বকো সমষ্টিখনত বিধায়িকা নন্দিতা দাসেও বিভিন্ন গাঁও পঞ্চায়তত কৰ্মীসভা অনুষ্ঠিত কৰি তীব্ৰতৰ কৰি তুলিছে প্ৰাক নিৰ্বাচনী আখৰা৷

কংগ্ৰেছ দলে সমষ্টিটোত দলৰ সাংগঠনিক দিশ অধিক টনকিয়াল কৰি তোলাৰ উদ্দেশ্য ব্যাপক অভিযান চলোৱা সময়তে দক্ষিণ কামৰূপৰ সোণতলীৰ ৫৩ নং বগুৰীগুৰী গাঁও পঞ্চায়তৰ সমূহীয়া ভৱনত সোমবাৰে অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ এখন কৰ্মীসভা। কৰ্মীসভাত সমষ্টিটোৰ বিধায়িকা তথা অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী নন্দিতা দাসে সমাগত বিধানসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ সকলো পৰ্যায়ৰ কৰ্মীক তৃনমূল পৰ্যায়ৰ পৰা দলীয় সংগঠন সমূহৰ সাংগঠনিক দিশ সমূহ টনকিয়াল কৰি তুলিবলৈ আহবান জনায়৷ বিধায়িকা গৰাকীয়ে দলীয় বাদ-বিসম্বাদ পৰিহাৰ কৰি সকলো কৰ্মীকে একত্ৰিত হৈ আৰু একনিষ্ঠাৰে দলীয় কামত নিয়োজিত হৈ বকো সমষ্টিখন পুণৰ কংগ্ৰেছৰ দখলত অনাৰ সংকল্প ল’বলৈকো আহ্বান জনায়।

বিধায়িকা নন্দিতা দাসে লগতে বগুৰীগুৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ সাংগঠনিক বিষয়ববীয়া সকলক নিযুক্তি প্ৰদান কৰি বিষয়ববীয়া সকলক দলীয় পতাকাৰে আদৰণি জনায়। কৰ্মীসভাত ছমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি ধনেশ্বৰ বায়ন, মহিলা কংগ্ৰেছৰ সভানেত্ৰী ছুফিয়া আহমেদ, মিডিয়া ছেলৰ সমন্বয়ক দেলবৰ হুছেইন, ছমৰীয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰফিকুল হাছান প্ৰমূখ্যে ভালেসংখ্যক নেতৃবৃন্দ উপস্থিত থাকে৷