ৰঙিয়া, ৩০ এপ্ৰিলঃ ৰঙিয়াৰ বুনিয়াদী অভ্যাসন বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি৷ বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষকৰ বিৰুদ্ধে সোঁচ্চৰ হৈ পৰিছে স্থানীয় বাসিন্দা৷ স্থানীয় বাসিন্দা তৎপৰতাত আৰক্ষীয়ে জব্দ কৰে বিদ্যালয়ৰ কাঠ আৰু টিনপাত ভৰ্ত্তি এখন বাহন৷ নজৰুল ৰহমান নামৰ বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষকে নিজ গৃহলৈ নিব ওলাইছিল এই সামগ্ৰীখিনি৷ বিদ্যালয়ৰ কাঠ আৰু টিনপাত ভৰ্ত্তি  বাহনখন দেখি স্থানীয় লোকৰ সন্দেহ ওপজাত আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সামগ্ৰী ভৰ্তি জব্দ কৰে৷ স্থানীয় লোকৰ পৰা জানিব পৰা মতে বিদ্যালয়খনৰ নতুনকৈ গৃহ নিৰ্মাণ হৈ থকা পুৰণি গৃহৰ সামগ্ৰীখিনি মজুত কৰি ৰখা হৈছিল৷ বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষক নজৰুল ৰহমানে গোপনে এই সামগ্ৰীসমূহ হস্তগত কৰাৰ চেষ্টা কৰিছিল৷ স্থানীয় লোকৰ সন্দেহ ওপজাত আৰক্ষীক খবৰ দিয়াত নজৰুল ৰহমানৰ সকলো গোপন অভিসন্ধি ধূলিসাৎ হয়৷ শিক্ষকজনৰ এই কাৰ্যত জাঙুৰ খাই উঠিছে স্থানীয় বাসিন্দাসকল৷ অৱসৰপ্ৰাপ্ত শিক্ষক ৰহমানে আৰক্ষীক চালে বেৰে কোবোৱা কথা কৈ দায় সৰাৰ চেষ্টা চলাই পলায়ন কৰে৷ স্থানীয় লোকে ইয়াৰ উচিত তদন্তৰ দাবীত প্ৰশাসনক অভিযোগ দাখিল কৰিছে৷ ৰঙিয়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷