পোন্ধৰ দিনত সৰ্ব্বস্বান্ত ৫০০ পৰিয়াল, হেজাৰ হেজাৰ কৃষিভূমি লুইতৰ বুকুত

সোণতলী/পানীখাইটি, ৩০ এপ্ৰিলঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ সংহাৰী ৰূপ ধাৰণ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰিছে৷ মহাবাহুৰ এনে কালৰূপ দেখি নৈপৰীয়া লোকে নিজৰ জীৱন-সম্পত্তি ৰক্ষা কৰিবলৈ গমন কৰিছে নিৰাপদ স্থানলৈ, উজাগৰে কাটাইছে প্রতিটো নিশা৷ বিশেষকৈ দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰী ৰাজহ চক্ৰৰ বৰাখাট, খলিহামাৰী, বাঘমাৰা, টপাৰপথাৰ আৰু চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পানীখাইটিৰ তামুলবাৰী আদি অঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ ছয়গাওঁ সমষ্টিৰ বিগত দুটা সপ্তাহত গৰাখহনীয়াই অঞ্চলকেইটাৰ ৫০০ টা পৰিয়ালৰ ভেঁটি-মাটি লুইতৰ বুকুত জাহ যোৱাৰ বিপৰীতে কমেও ১৫০০ বিঘা কৃষি ভুমি ব্ৰহ্মপুত্ৰই গ্ৰাস কৰিছে৷ একেদৰে চন্দ্ৰপুৰ ৰাজহ চক্ৰত বিগত এসপ্তাহত মহাবাহুৰ বুকুত জাহ গ’ল হাজাৰ হাজাৰ বিঘা কৃষিভূমি৷ ৰাজ্য চৰকাৰে নমামী ব্ৰহ্মপুত্ৰ উৎসৱৰ নামত কোটি কোটি টকা খৰচ কৰি বিশ্ববাসীৰ অন্তৰত ব্ৰহ্মপুত্ৰৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হ’ল যদিও নৈপৰীয়া দৰিদ্ৰ কৃষকৰ কথা অকনো চিন্তা কৰা পৰিলক্ষিত নহ’ল৷ নৈপৰীয়া জনতাই প্ৰতি বছৰেই মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াত ভেঁটি-মাটি হেৰুৱাই সৰ্বস্বান্ত হৈ আহিছে যদিও চৰকাৰে লুইতৰ বুকুত জাহ যোৱা গৃহহীন লোকৰ পুনঃসংস্থাপনৰো কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল৷ বিশেষকৈ উল্লেখিত অঞ্চলসমূহৰ বাসিন্দাই ব্ৰহ্মপুত্ৰৰ খহনীয়াত সৰ্বস্ব হেৰুৱাই মথাউৰিকে ধৰি বিভিন্ন নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ বাধ্য হৈছে৷ দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিত গৰাখহনীয়াৰ লগতে শুক্ৰবাৰৰ সন্ধিয়া বিধ্বংসী ধুমুহাত গৃহহীন হোৱা লোকৰ বুজ ল’বলৈ ছয়গাঁৱৰ প্ৰাক্তন বিধায়ক ডাঃ কমলা কলিতাই অঞ্চলসমূহ পৰিদৰ্শন কৰে৷ ডাঃ কলিতাই ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ চাই অতি শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ বাবে অস্থায়ী পাৰ্কুপাইনৰ ব্যৱস্থা কৰাৰ লগতে ডিচেম্বৰৰ ভিতৰত স্থায়ীভাৱে খহনীয়া প্ৰতিৰোধ কৰাৰ আশ্বাস দিয়ে৷ প্ৰাক্তন বিধায়ক গৰাকীয়ে  বিধ্বস্ত হোৱা ভুক্তভোগী পৰিয়াললৈ সমবেদনা জনাই কৰি অতি শীঘ্ৰে ক্ষতিপূৰণৰ ব্যৱস্থা কৰাৰো প্ৰতিশ্ৰুতি দিয়ে৷