গুৱাহাটী, সংবাদ ৩৬৫, ২৯ আগষ্ট: পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনিজাতিকৰণৰ দাবীত কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু চিলাৰায় সেনাই বুধবাৰে আহ্বান জনোৱা ৩৬ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৰাজ্যৰ ঠায়ে ঠায়ে আক্ৰাছু কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। ধুবুৰীৰ চাপৰত আক্ৰাছু কৰ্মীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। মৰিগাঁওটো আক্ৰাছুৰ ৩৬ ঘন্টীয়া অসম বন্ধত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধ সমৰ্থকে। বাক্সাৰ শালবাৰীত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা প্ৰায় ৭০ জন বন্ধ সমৰ্থকক আটক কৰে আৰক্ষীয়ে। গোৱালপাৰাৰ দুধনৈ, লেলা, ফফল, ৰংজুলি, দৰংগিৰী, ধনুভঙা আদি অঞ্চলটো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ আক্ৰাছু কৰ্মীৰ।