বিশ্বনাথ সংবাদ ৩৬৫, ১৫ ছেপ্টেম্বৰ: ৰাজ্যখনৰ ৰাজহুৱা পানীযোগান ব্যৱস্থাত এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰে হাতত লোৱা “মিছন-১০০” কাৰ্যসূচীৰ অধীনত শনিবাৰে সমগ্ৰ ৰাজ্যত এশৰো অধিক ৰাজহুৱা পানীযোগান আঁচনি জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হয়। কামৰূপ জিলাৰ বকোত এখন পানীযোগান আঁচনি উদ্বোধনেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত বিশ্বনাথ জিলাৰ বিহালীতো একে সময়তে উদ্বোধন কৰা হয় তিনিখনকৈ পানীযোগান আঁচনি। বিহালী সমষ্টিৰ অধীনৰ শান্তিপুৰ মাজগাঁও পানীযোগান আঁচনি উদ্বোধন কৰে ৰাজ্যৰ হস্ততাঁত-বস্ত্ৰশিল্প, ৰেচম আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই। সমষ্টিটোৰ ৰাংচালি দলনি পানীযোগান আঁচনিখন উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই উদ্বোধন কৰাৰ বিপৰীতে খেলমাটি পানীযোগান আঁচনি উদ্বোধন কৰে অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ জিলা পৰিষদৰ ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্যই। শান্তিপুৰ মাজগাঁও পানীযোগান আঁচনিৰ প্ৰাংগনত এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত মন্ত্ৰী ৰঞ্জিত দত্তই বিশ্বনাথ জিলাৰ বাবে “স্বচ্ছতাই সেৱা” শীৰ্ষক পষেকজোৰা কাৰ্যসূচীৰো শুভাৰম্ভ কৰে। উল্লেখ্য যে স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ অধীনত জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জিলা জল আৰু অনাময় সমিতিৰ উদ্যোগত সমগ্ৰ দেশৰ লগতে বিশ্বনাথ জিলাতো পষেকজোৰা কাৰ্যসূচীৰে ১৫ ছেপ্টেম্বৰৰ পৰা অহা ২ অক্টোবৰলৈ এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। আঁচনিখন উদ্বোধন কৰি নিজৰ বক্তব্যত মন্ত্ৰীগৰাকীয়ে কয় যে পানীযোগান আঁচনিবোৰ হৈছে ৰাইজৰ সম্পত্তি আৰু ৰাইজৰ মৰম তথা সহযোগিতা পালেহে এইবোৰ ভালকৈ জীয়াই থাকিব। জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শেৰে “স্বচ্ছতাই সেৱা” মূলমন্ত্ৰ সাৰোগত কৰি নিজৰ ঘৰখনৰ লগতে গাঁওখন বা অঞ্চলটোৰ আলি-পদূলি, ৰাজহুৱা স্থান আদিত সমূহীয়াভাৱে চাফাই কাৰ্যসূচী গ্ৰহণ কৰি পৰিচ্ছন্ন গাঁও বা অঞ্চল হিচাপে আনৰ আগত পৰিচয় দাঙি ধৰিবলৈ তেওঁ জিলাখনৰ ৰাইজলৈ আহ্বান জনায়। জনকল্যাণৰ বাবে বিগত সময়চোৱাত অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কল্যাণকামী আঁচনিৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে ৰাইজক অৱগত কৰে। সভাত ভাষণ প্ৰদান কৰি উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই আঁচনিখনৰ সুপৰিচালনাৰ বাবে পৰিচালনা সমিতিক সহযোগিতা আগবঢ়াবলৈ ৰাইজক আহ্বান জনায়। সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশ্বনাথৰ কাৰ্যবাহী অভিযন্তা ৰবীন দাসে উদ্দেশ্য ব্যাখ্যা কৰি কয় পানী সংৰক্ষণ কৰা আমাৰ দায়িত্ব আমি পৰিস্কাৰ পানী যিমান সেৱন কৰিম সিমান আমাৰ স্বাস্থ্য প্ৰতি ভাল গতিকে আমাৰ এই পানী সম্পূৰ্ণ পৰিষ্কাৰ গতিকে ৰাইজে প্ৰতি খন পানী যোগান আচনি জড়িয়তে লাভ কৰিব বিশুদ্ধ পানী । ৰাইজৰ সুবিধা হোৱাকৈ বিহালীত তিনিখন পানী যোগান আচনি শনিবাৰে মুকলি কৰা হৈছে বুলি সভাত প্ৰকাশ কৰে । এই পানী যোগান আচনি কেইখন নিৰ্মাণৰ ক্ষেত্ৰত ৰাইজে যি সহায় সহযোগিতা আগবঢ়ালে এই সহায় সহযোগিতা ভৱিষ্যতলেও আগবঢ়ালে সুখী হম বুলি কাৰ্য্যবাহী অভিযন্তা ৰবিন দাসে কয় ।সভাখনত অতিৰিক্ত উপায়ুক্ত দিগন্ত বৈশ্য, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেজপুৰ চক্ৰৰ অধীক্ষক অভিযন্তা জয়ন্ত বৰতামূলী আদিৰ লগতে স্থানীয় বহুসংখ্যক লোক উপস্থিত থাকে।