দৰং, সংবাদ ৩৬৫, ১৫ ছেপ্টেম্বৰ: একেৰাহে ছয়বাৰ আছুৰ দখললৈ অহা দৰং মহাবিদ্যালয় ছাত্ৰ একতা সভা উত্তৰ অসমৰ অগ্ৰনী শিক্ষানুস্থান দৰং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ বৃহৎ সাফল্য। শনিবাৰে ঘোষিত মূঠ ১৫ খন আসনৰ ভিতৰত ১৫ খন আসনেই বিৰুধি এ বি ভি পি, যুৱ কংগ্ৰেছৰ প্ৰাৰ্থীৰ পৰা আছুৰ দখলত হয়। সাফল্য লাভৰ পিছত শিক্ষানুস্থানত বিজয় উল্লাস ছাত্ৰ ছাত্ৰী সকলৰ মাজত। সভাপতিৰ পদত ত্ৰিষাণু ভুঞা , উপসভাপতি শোভাগিনী তালুকদাৰ , সম্পাদক গীতাথ হাজৰিকা আৰু সহ: সম্পাদক অভিনাষ হাজৰিকা , গৌতম শইকীয়া আদি ১৫ জন বিজয় হয় ।