গুৱাহাটী, ১৬ অক্টোবৰঃ অসমৰ দৰিদ্ৰ জনসাধাৰণে যাতে খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ অধিকাৰৰ পৰা বঞ্চিত হ’ব নালাগে তাৰবাবে ৰাজ্য চৰকাৰে দৃঢ়তাৰে কাম কৰি যাব। এই তিনিটা মৌলিক অধিকাৰ অবিহনে মর্যাদাসম্পন্ন জীৱন যাপন সম্ভৱ নহয়। সেইবাবে ৰাজ্য চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে।” আজি মহানগৰীৰ উজান বজাৰস্থিত বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰত নর্থ ইষ্ট ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজৰ উদ্যোগত আয়োজিত বিশ্ব খাদ্য দিৱসৰ এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্রহণ কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়। মুখ্যমন্ত্রী সোণোৱালে কয় যে বিশ্ব খাদ্য দিৱস পালনৰ মূল উদ্দেশ্য হ’ল বিশ্বৰ পৰা ক্ষুধা নিবাৰণ কৰা। সেয়েহে আমাৰ দেশৰ লগতে আমাৰ ৰাজ্যখনৰ প্ৰতিগৰাকী জনসাধাৰণৰ খাদ্যৰ নিৰাপত্তা প্ৰদান কৰাটাে বর্তমানৰ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ মূল লক্ষ্য। সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে এই দিশত সচেতন হ’লেহে এই লক্ষ্য বাস্তৱায়িত হ’ব বুলিও মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রীয়ে এবছৰৰ ভিতৰতে এইসম্পৰ্কীয় জন সচেতনতা সৃষ্টিৰ কামত বহুখিনি সফলতা লাভ কৰাৰ বাবে নর্থ ইষ্ট ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজ ধন্যবাদৰ পাত্ৰ বুলিও কয়। ৰাজ্যখনৰ ২.৫ কোটি জনসাধাৰণক খাদ্য নিৰাপত্তা আইনেৰে সামৰি লোৱা হৈছে যদিও এই ক্ষেত্ৰত আৰু অধিক দৃঢ় ব্যৱস্থা গ্রহণ কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অসমৰ গ্ৰামাঞ্চলৰ লোকসকলৰ আর্থিক উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ বাবে ৰাজ্য চৰকাৰে মুখ্যমন্ত্রীৰ সমগ্র গ্রাম্য উন্নয়ন যোজনা” আৰম্ভ কৰিছে। খাদ্য নিৰাপত্তা প্ৰদানৰ বাবে আমাৰ উৎপাদন বৃদ্ধি কৰিব লাগিব। অসমৰ ৩৩ খন জিলাৰ ভৌগোলিক পৰিৱেশ ভিন্ন তথা মাটিৰ গুণাগুণো সুকীয়া। সেয়েহে মাটিৰ গুণাগুণ পৰীক্ষা কৰি উৎপাদন শক্তি বৃদ্ধিৰ ওপৰত আমি গুৰুত্ব আৰােপ কৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়। দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোড়ীয়ে কৃষক আৰু দৰিদ্ৰ জনসাধাৰণৰ অৱস্থাৰ উত্তৰণৰ হকে বহু সংখ্যক কল্যাণকামী আঁচনি গ্রহণ কৰিছে বুলি উল্লেখ কৰি ‘প্রধানমন্ত্রীৰ উজ্বলা যোজনাৰ জৰিয়তে দুখীয়া জনসাধাৰণে যাতে স্বাস্থ্য সন্মত জীৱন যাপন কৰিব পাৰে তাৰ এক সুব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্রীয়ে কয়। আমাৰ ৰাজ্যখনৰ গৰীৱ জনসাধাৰণে লাভান্বিত হােৱাকৈ এই আঁচনিখনত প্ৰতিগৰাকী হিতাধিকাৰীলৈ ১ হাজাৰ টকা ৰাজ্য চৰকাৰে প্ৰদান কৰিছে বুলিও মুখ্যমন্ত্রীয়ে কয়। বেংক ব্যৱস্থাটাে পূৰ্বতে কেৱল মুষ্টিমেয় ধনীক শ্ৰেণীৰ বাবেহে বুলি থকা ধাৰণাৰ সলনি কৰি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোড়ীয়ে “জনধন যোজনাৰ শুভাৰম্ভণিৰে সাধাৰণ জনতাৰ বাবেও বেংকৰ লেনদেন সম্ভৱ কৰি তুলিছে বুলি মুখ্যমন্ত্রীয়ে কয়। এই সমূহ সল্যাণকামী আঁচনিৰ জৰিয়তে সাধাৰণ জনসাধাৰণ উপকৃত হ’ব বুলিও মুখ্যমন্ত্রীয়ে কয়। অনুষ্ঠানত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী আৰু প্রথিতযশা সাংবাদিক সমুদ্র গুপ্ত কাশ্যপে বিশ্ব খাদ্য দিৱস পালনৰ বিভিন্ন দিশ সামৰি বক্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে নর্থ ইষ্ট ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজে প্রকাশ কৰি উলিওৱা “খাদ্য নিৰাপত্তা অসম-২০৩০’ শীর্ষক এখন ভিজন ডকুমেন্টো আনুষ্ঠানিক ভাবে উন্মোচন কৰে। আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভড়ালী প্রমুখ্যে বহু সংখ্যক গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।