গুৱাহাটী, ১৬ অক্টোবৰঃ খাপলাং কাই খ্যাত ৰাহুল দাস আৰু নাই। কেবা দশক ধৰি কৌতুক অভিনয়েৰে দৰ্শকক হাঁহিৰ খোৰাক যোগোৱা বিশিষ্ট অভিনেতা ৰাহুল দাসে নিশা ১২.১৫ত জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে৷ বিশিষ্ট অভিনেতা ৰাহুল দাসে ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ বিগত কেবাদিন ধৰি গুৱাহাটী মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছিল৷ অৱশেষত যোৱানিশা সকলোকে হাঁহিৰ খোৰাক যোগোৱা খাপলাং কাই খ্যাত ৰাহুল দাসে সকলোকে কন্দুৱাই অকাল মৃত্যুক আকোঁৱালি লয়৷ উল্লেখযোগ্য যে, ৰাহুল দাসে সংগীত শিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল৷ পিছত ৰাহুলে ঐ ৰহিলা ভিচিডিত খাপলাঙৰ চৰিত্ৰত অভিনয় কৰি সমগ্ৰ অসমত সকলোৰে আদৰৰ খাপলাং কাই হিচাপে জনপ্ৰিয় হৈ পৰে। খাপলাং কায়ে মৃত্যুৰ আগলৈ ৰং চেনেল যোগে সম্প্ৰচাৰিত হৈ থকা ঐ খাপলাঙত মুখ্য চৰিত্ৰত অভিনয় কৰি বিপুল সমাদৰ লাভ কৰে। ৰাহুল দাস ওৰফে খাপলাং কাইৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি৷ বলিষ্ঠ অভিনয়ে অসমৰ অভিনয় জগতত আলোড়নৰ সৃষ্টি কৰা ৰাহুল দাসৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে সাংস্কৃতিক ক্ষেত্ৰৰ কলা কুশলী সকলে গভীৰ শোক প্ৰকাশ কৰিছে৷