মৰিয়নী

১৩ মার্চ

আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ১০১ নং মৰিয়নী বিধানসভা সমষ্টিত শনিবাৰে উপস্থিত হয় বস্ত্ৰ শিল্প দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰাণী। কংগ্ৰেছৰ দখলত থকা মৰিয়ণী সমষ্টিত এইবাৰ বিজেপি প্ৰাৰ্থী ৰমনী তাঁতীৰ হৈ প্ৰচাৰ চলাবলৈ আহে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী।

পূৰ্বৰ সময় সুচিত কৈ কিছু পলম কৈ উপস্থিত হৈয়ো উপস্থিত জনতাৰ আগত বিজেপি প্ৰাৰ্থী গৰাকীৰ হৈ ভোট ভিক্ষা কৰে স্মৃতি ইৰাণীয়ে। মৰিয়নীৰ ন-কছাৰীৰ মাইবেলীয়া খেলপথাৰত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দেশৰ দৰিদ্ৰ জনতাৰ একমাত্ৰ সাৰথি বিজেপি চৰকাৰ বুলি উল্লেখ কৰে।আনহাতে বিজেপি চৰকাৰৰ দিনতহে মহিলা সকলৰ সন্মান বৃদ্ধি পাইছে বুলি ভাষনত কয় স্মৃতি ইৰাণীয়ে। আনহাতে ৰাজ্যখনৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী গৰাকীয়ে। কংগ্ৰেছে জ্যেষ্ঠ জনক সন্মান প্ৰদৰ্শন কৰিব নোৱাৰে বুলি কোৱাৰ লগতে নাম নোকোৱাকৈ উল্লেখ কৰে যে কংগ্ৰেছৰ যিজন জ্যেষ্ট নেতাই জীৱিত কালত অসমীয়া জাতিৰ বিৰোধীজনৰ হাতত হাত মিলোৱা নাছিল, যেতিয়া তেওঁ পৰলোকগামী হয়, তাৰ পাছতেই কংগ্ৰেছে সেই জন লোকৰ লগত হাত মিলোৱা ই নহয় মিত্ৰতাও কৰিবলৈ শংকা বোধ নকৰিলে বুলি মন্তব্য কৰি কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে স্মৃতি ইৰাণীয়ে। এইয়া কংগ্ৰেছৰ প্ৰকৃত নীতি বুলি দলটোক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী গৰকীয়ে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মৰিয়নীৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি পুনৰ শিৱসাগৰ লৈ উৰা মাৰে।শিৱসাগৰত বিজেপি প্ৰাৰ্থী সুৰভি ৰজকুমাৰীৰ হৈ নিৰ্বচনী সভাত অংশগ্ৰহণ কৰে স্মৃতি ইৰাণীয়ে।