টীয়কৰ পৰা নির্মলেন্দু পাঠক, সংবাদ ৩৬৫, ১০ এপ্ৰিলঃ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী। সমগ্ৰ ৰাজ্যবাসী এতিয়া ৰঙালী বিহুক আদৰিবলৈ প্ৰস্তুত। বিহুৰ দলসমূহৰ লগতে নাচনী সকলেও নিজ নিজ প্ৰদৰ্শন আগবঢ়াবলৈ ব্যস্ত হৈ পৰিছে অনুশীলনত। যোৰহাট জিলাৰ সাংস্কৃতিক প্ৰধান টীয়কৰ গৌৰৱ ৰাজ্যৰ প্ৰথম মহিলা ঢুলীয়া ওজা পুণ্য প্ৰভা দত্ত তামূলীয়েও ইতিমধ্যে নিজকে সাজু কৰি তুলিছে আগন্তুক বিহুৰ বাবে। ঢোল বাদন কৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা এইগৰাকী শিল্পীয়ে বিহুৰ প্ৰাকক্ষণত ঢোল বাদন কৰাৰ লগতে বিহু গীত গাই নৱপ্ৰজন্মক লগত লৈ ব্যস্ত হৈ পৰিছে অনুশীলনত। শিল্পী গৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা ঢোলৰ গুমগুমনিয়ে অঞ্চলটোলৈ কঢ়িয়াই আনিছে বিহুৰ আগলি বতৰা। গুৰুত্বপূৰ্ণ বিষয় যে চৰকাৰী ভাৱে এনে প্ৰবীন শিল্পী সকলক যিদৰে সন্মান আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰিব লাগে তাক কাৰ্যক্ষেত্ৰত দেখা পোৱা নাযায় যদিও আক্ষেপ বিহীন এই শিল্পী সকলে যিদৰে নিজৰ কলা সংস্কৃতিক জীয়াই ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰি গৈছে সি সচাঁই আদৰণীয়।