জনীয়া, সংবাদ ৩৬৫, ১৭ ফেব্ৰুৱাৰী: যোৱা ১৪ ফেব্ৰুৱাৰীত জম্মু কাশ্মীৰত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ দিয়া দেশৰ ৪৪ জনকৈ বীৰ সৈনিকৰ আত্মাৰ চিৰ শান্তিৰ কামনাৰে জনীয়াবাসীয়ে আল্লাহ-তালাৰ ওচৰত দোৱা প্ৰাৰ্থনা মাগে। আৰু সন্ত্ৰাসবাদীৰ এই জঘন্য কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। ঘটনাৰ লগত জড়িত সন্ত্ৰাসবাদী সকলক চৰকাৰে কৰায়ত্ব কৰি ফাঁচী দিবলৈ দাবী উত্থাপন কৰিছে জনীয়া অঞ্চলৰ ৰাইজে। এই ঘটনাৰ আলমত যাতে কোনো নিৰ্দোষী নিৰীহ ব্যক্তি শাস্তিৰ সন্মুখীন নহয় তাৰ প্ৰতিও চৰকাৰক সুদৃষ্টি দিয়াৰ আহ্বান জনাইছে। সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত প্ৰাণ দিয়া দেশৰ বীৰ সৈনিক সকলৰ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে প্ৰতিটো পৰিয়ালক এক কোটি টকাৰ ক্ষতি পূৰণ আৰু একোটাকৈ চাকৰিৰ ব্যৱস্থা কৰি দিয়াৰ বাবে চৰকাৰক আহ্বান জনাইছে।